নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘুণাসুঁতি লখিমপুৰৰ মাজত সুচল যাতায়তৰ বাবে ঘাগৰঘাটত নিৰ্মাণ কৰা হ’ব দলং

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্রশাসন আৰু বৃহত্তৰ ঘুণাসুঁতি আলি–আয়ে–লৃগাং উৎসৱ উদযাপন সমিতিৰ সহযোগত  বুধবাৰে অনুষ্ঠিত হোৱা আলি-আয়ে-লৃগাঙত উবুৰি খাই পৰেহি ৰাজ্যৰ ভিন্ন প্রান্তৰ মিচিং জনগোষ্ঠীৰ লোকসকল৷ উৎসৱস্থলীৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি বিশাল জনসমাগমক উদ্দেশ্যি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সমগ্র অসমবাসীক মিচিং জনগোষ্ঠীৰ পৰা কঠোৰ পৰিশ্রম কৰা গুণ আহৰণ কৰিবলৈ আহ্বান জনায়৷

তেওঁ এই সন্দর্ভত কয়– ‘কঠোৰ পৰিশ্রমী জাতি হিচাপে এক সুনাম আছে মিচিংসকলৰ৷ কঠোৰ পৰিশ্রমৰ জৰিয়তে তেওঁলোকে অসমৰ অর্থনৈতিক কাঠামো নির্মাণত অনবদ্য অৱদান আগবঢ়াইছে৷ অসমৰ প্রতিটো জনগোষ্ঠীয়েই মিচিংসকলৰ এই কষ্টসহিষ্ণু গুণ আহৰণ কৰিবলৈ চেষ্টা চলোৱা উচিত৷’ অধিৱেশনস্থলীৰ অস্থায়ী মুৰুং ঘৰত পৰম্পৰাগত মিচিং জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ সোৱাদ লৈ আপ্লুত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ সকলো জনগোষ্ঠীৰ জীৱনৰ উন্নয়ন ঘটোৱাত সদায় প্রয়াস অব্যাহত ৰাখিছে৷ ঘুণাসুঁতি অঞ্চলৰ অনগ্রসৰতাৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘জংকী–পানৈৰ পৰশেৰে উজ্জীৱিত বিশিষ্ট ভাষাবিদ টাবুৰাম টাইদৰ জন্মস্থান ঘুণাসুঁতি অঞ্চলৰ যাতায়াতৰ দুৰৱস্থাৰ বিষয়ে মই অৱগত৷ ৰাইজৰ ওচৰত মই অংগীকাৰ কৰিছোঁ যে অতি সোনকালে ঘুণাসুঁতিৰ যাতায়াত ব্যৱস্থা সুচল কৰা হ’ব৷’ ঘুণাসুঁতি আৰু লখিমপুৰৰ মাজৰ সুচল যাতায়াত ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি দোহাৰি তেওঁ অতি সোনকালে ঘাগৰাঘাটত এখন দলং নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰে৷ লগতে অঞ্চলটোত পর্যায়ক্রমে কেইবাটাও নতুন পথ নির্মাণৰ কামো আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে ধেমাজি জিলাৰ গোগামুখৰ টাবুৰাম টাইদ ক্ষেত্র নির্মাণ কৰাৰ লগতে ঘুণাসুঁতিত বিখ্যাত ভাষাবিদজনৰ স্মৃতিত তেওঁৰ এটা প্রতিমূর্তি স্থাপন কৰাৰ কথাও ঘোষণা কৰে৷ ইয়াৰ বাবে তেওঁ ২০ লাখ টকা প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷ গ্রামোন্নয়ন তথা সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলেই ভাষণ প্রদান কৰা মুকলি সভাত মিচিং জনগোষ্ঠীৰ লগতে অসমৰ সু–সন্তান আন্তঃৰাষ্ট্রীয় চিকিৎসা জগতত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা স্নায়ু–শল্য চিকিৎসক ৰাণা পাটিৰক মুখ্যমন্ত্রীয়ে সম্বর্ধনা জ্ঞাপন কৰে৷ মুকলি সভাত প্রায় ১৪গৰাকী বিশিষ্ট মিচিং ব্যক্তিক সম্বর্ধনা জনায় মুখ্যমন্ত্রীগৰাকীয়ে৷ পুৱাৰ ভাগত আলি–আয়ে–লৃগাঙৰ সকলো পৰম্পৰা পালন কৰি উৎসৱৰ মুকলি সভাত ভাষণ প্রদান কৰি ধেমাজিৰ বিধায়ক তথা মিচিং জনগোষ্ঠীৰ মূল নেতা ডাঃ ৰণোজ পেগুৱে কয় যে সমগ্র বিশ্বই এতিয়া জৈৱিক খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হৈছে৷ কিন্তু মিচিং জাতিয়ে পৰম্পৰাগতভাৱেই যুগ যুগ ধৰি জৈৱিক খেতি কৰি আহিছে৷ গতিকে প্রতিজন মিচিং খেতিয়কেই অধিক হাৰত জৈৱিক খেতি কৰি অর্থনৈতিকভাৱে প্রতিষ্ঠা লাভ কৰাৰ লগতে জনস্বাস্থ্যলৈও অনবদ্য বৰঙণি আগবঢ়াব লাগিব৷ মুখ্যমন্ত্রীয়ে ‘ঘুণাসুঁতি’ নামৰ এখন স্মৃতিগ্রন্থ উন্মোচন কৰা সভাখনত লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, জোনাইৰ বিধায়ক ভুবন পেগু, লখিমপুৰৰ বিধায়ক উৎপল দত্তই ভাষণ দিয়াৰ উপৰি বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা উপস্থিত থাকে৷ টি এম পি কে, এম এম কে, বানে কেবাং আদি মিচিং জাতীয় সংগঠনৰ নেতাই ভাষণ দিয়া সভাখনৰ কার্যসূচীৰ লগত সংগতি ৰাখি মিচিং, দেউৰী আদি জনগোষ্ঠীৰ নৃত্য প্রদর্শন কৰা হয়৷ উদ্যাপন সমিতিৰ সভাপতি ডাঃ ডম্বৰু মিলিয়ে প্রকাশ কৰা অনুসৰি ঘুণাসুঁতি অঞ্চলৰ ৰাইজৰ পূর্ণ সহযোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত লৃগাং উৎসৱটো সফলভাৱে সম্পন্ন হয়৷ উল্লেখ্য যে সমগ্র ৰাজ্যতে মিচিং জনগোষ্ঠীয় লোকসকলে আজি উলহ–মালহেৰে তেওঁলোকৰ পৰম্পৰাগত জাতীয় কৃষিভিত্তিক উৎসৱ আলি–আয়ে–লৃগাং উদ্যাপন কৰে৷ গুৱাহাটীৰ জাপৰিগোগ, সোণাইঘুলিৰ লগতে কেইবাস্থানতো আলি–আয়ে–লৃগাং উদ্যাপন কৰে মিচিং জনগোষ্ঠীয় লোকসকলে৷

You might also like