নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ক্ৰমাৎ সেউজীয়া হৈ পৰিছে নাহৰকাটিয়াৰ এখন গাঁও । কেৱল চাকৰি নহয়, কৃষি কৰ্মৰেও যে আৰ্থিকভাৱে চহকী হ’ব পাৰি সেই কথা প্ৰমাণিত কৰিছে নাহৰকটীয়াৰ এজন শিক্ষিত নিবনুৱা যুৱকে ।
নাহৰকটিয়া নগৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ জয়পুৰ নক্তে গাঁৱত খুনচিক নক্তে নামৰ এগৰাকী নিবনুৱা যুৱকে বিভিন্ন পাচলি খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে একে গাঁৱৰে বহু কেইটা পৰিয়ালক নিজৰ কৃষি কৰ্মত নিয়োজিত কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে ।
সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলি খেতি কৰি অহাৰ লগতে গৰু ,ছাগলী, গাহৰি,হাঁহ কুকুৰা আদি পুহি নিজ পৰিয়াল পোহপাল দি অহাৰ লগতে তেওঁৰ খেতিৰ মাটিত নিয়োজিত হৈ থকা কেইবাজন নিবনুৱা যুৱকৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে।
আনহাতে তেওঁৰ কৃষিৰ ফচলে স্থানীয় বজাৰত যথেষ্ঠ সমাদৰ লাভ কৰাৰ লগতে উচিত দৰ লাভ কৰি আহিছে । বৰ্তমান নিবনুৱা সমস্যাই যি ভয়াবহ ৰূপ ধাৰণ কৰিছে তেনে সময়ত খুনচিক নক্তেৰ দৰে শিক্ষিত নিবনুৱাসকল হ’ব পাৰে আনৰ বাবে আদৰ্শস্বৰূপ ।