চামগুৰিৰ ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীসহ ৫ কোটি টকাৰ নিচা জাতীয় টেবলেট জব্দঃ আটক ২
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ বৃহৎ পৰিমাণৰ টেবলেটৰ সহ এখন গাড়ী জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে এক গোপন সুত্ৰৰ ভিত্তিত নগাঁও ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ সহযোগত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পবন কলিতা আৰু চুলুং আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সহ এটা আৰক্ষী দলে আজি পুৱা ৰঙাগড়া অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই৷
পৰৱৰ্তী সময়ত আৰক্ষী দলটোৱে ইম্ফলৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা এএছ ০১ ই কিউ ৫৮৭৮ নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ী খনৰ পৰা প্ৰায় পাচঁ কোটি টকাৰ নিচা জাতীয় টেবলেট জব্দ কৰাৰ লগতে মণিপুৰ ইম্ফলৰ আৰিচ খান (৩০) আৰু ছৰিচ খান (৩২) নামৰ দুজন লোকক আটক কৰে ৷ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে আজি পুৱা আটক কৰা লোক দুজনক বৰ্তমান চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সুতৰ পৰা জানিব পৰা গৈছে ৷