নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালানী মাছত ফৰ্মেলিনৰ উপস্থিতিঃ সোণাৰিত হোৰাহোৰে বৃদ্ধি পাইছে থলুৱা মাছৰ দাম

নিয়মীয়া বাৰ্তা, ২ মে’: ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জীয়াতু ভোগাই অহাৰ সময়তে এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰতো হঠাতে থলুৱা মাছৰ অত্যধিক মূল্যবৃদ্ধিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। সাধাৰণতে প্রতিজন আমিষভোজী লোকৰেই প্ৰথম পচন্দৰ সামগ্ৰীবিধ হৈছে মাছ। সেয়ে সকলোৱে নিজৰ লগতে আলহীক আপ্যায়ন কৰিবৰ বাবে এসাঁজ আহাৰত থলুৱা মাছেৰে এবিধ ব্যঞ্জন তৈয়াৰ কৰে । অৱশ্যে থলুৱা মাছৰ সমান্তৰালভাৱে বহিঃৰাজ্যৰ পৰা অহা চালানী মাছেৰেও এসাঁজ উদৰ পুৰাই খাব বিচাৰে আমিষভোজী লোকসকলে । কিন্তু বৰ্তমান থলুৱা মাছৰ সীমাহীন দাম বৃদ্ধিয়ে থলুৱা মাছৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত কৰিছে জনতাক । আচলতে শেহতীয়াভাৱে নগাঁও কলেজৰ অধ্যাপকৰ এটা দলে চালানী মাছৰ ওপৰত চলোৱা এক অধ্যয়নত বৰবিহসদৃশ ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলায়। সেই অধ্যয়নত চালানী মাছত  উদ্বেগজনকভাৱে ১৫ শতাংলৈকে ফৰ্মেলডিহাইদৰ উপস্থিতি নিশ্চিত কৰাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেয়ে এই খবৰ সৰ্বতে বিয়পি পৰাৰ পিছতেই চালানী মাছ খাবলৈ ৰাইজে শংকাবোধ কৰাত ইয়াৰ সুবিধা গ্ৰহণ কৰিছে চৰাইদেউ জিলাৰ এচাম অসাধু ব্যৱসায়ীয়ে। এই ব্যৱসায়ীসকলে হঠাতে থলুৱা মাছৰ দাম ঠায়ে ঠায়ে দুগুণ পর্যন্ত বৃদ্ধি কৰাত সৰ্বসাধাৰণ লোকসকল বিপাঙত পৰিছে। জানিব পৰা মতে সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই জিলাখনত অসাধু মৎস্য ব্যৱসায়ীসকলে সম্প্ৰতি প্ৰতিবিধ থলুৱা মাছৰ দৰ প্রতি কেজিত বিগত সপ্তাহৰ তুলনাত ১০০-২০০ টকালৈকে বৃদ্ধি কৰিছে। যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে থলুৱা মাছ ক্ৰয় কৰিবলৈ বজাৰলৈ গৈ থমকি ৰ’বলগীয়াত পৰিছে। ৰাজ্যত খাদ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক মাধমাৰ শোধাই অহাৰ সময়তে এতিয়া এনেদৰে থলুৱা মাছৰ সীমাহীন মূল্যবৃদ্ধিয়ে সকলোকে বেছ চিন্তিত কৰি তুলিছে। এইক্ষেত্ৰত জিলা প্ৰশাসনক তাৎক্ষণিকভাৱে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতনমহলে অনুৰোধ জনাইছে
You might also like