নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ন’ডেল শিক্ষকৰ এদিনীয়া গুণোৎসৱ প্ৰশিক্ষণ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ মে : অহা ১ জুনৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ অন্যান্য জিলাৰ লগতে তৃতীয় পৰ্যায়ত শোণিতপুৰৰ নিৰ্ধাৰিত বিদ্যালয়সমূহতো অনুষ্ঠিত হ’ব গুণোৎসৱ । গুণোৎসৱ-২০২২ ৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বালিপৰা শিক্ষাখণ্ডৰ উদ্যোগত চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত বিদ্যালয়ৰ ন’ডেল শিক্ষকৰ এদিনীয়া খণ্ড পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয় । অনুষ্ঠান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনিশ ঠাকুৰৰ লগতে অন্যান্য সমল ব্যক্তি, কেইবাটাও মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়ৰ ন’ডেল শিক্ষকসকল উপস্থিত থাকে ।

You might also like