নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱেই প্ৰাণ হেৰুৱালে সাপেখাতীৰ এগৰাকী মেধাৱী ছাত্ৰই

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: ভুল চিকিৎসাই সকলো ধংস কৰি  পেলালে এটি দুৰ্ভগীয়া পৰিয়ালৰ হাজাৰ সপোনক।এই ঘটনা সংঘটিত হৈছে ঐতিহাসিক চৰাইদেউৰ সাপেখাতীৰ কলাকটা গোহাঁই গাওঁত। গাওঁ খনৰ নোমল বৰগোহাঁই আৰু খগে বৰগোহাঁইৰ একমাত্ৰ পুত্ৰ তথা গড়গাওঁ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ দ্বীপ বৰগোহাঁই (২০) য়ে চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱে প্ৰাণ হেৰুৱা এক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷

জানিব পৰা মতে, দ্বীপে অত্যাধিক পেটৰ বিষত আক্ৰান্ত হৈ থকাত ততালিকে পৰিয়ালৰ লোকে ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰিছিল ৷ চিকিৎসকে প্ৰাৰম্ভিক চিকিৎসা কৰাৰ অন্তত দ্বীপৰ গল্ড ব্লাডাৰ হোৱা বুলি অৱগত কৰাৰ লগতে অপাৰেচন কৰিব লাগিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে । চিকিৎসকৰ পৰামৰ্শ অনূসৰিয়ে পৰিয়ালৰ লোকে দ্বীপৰ অপাৰেচন কৰে ৷ অপাৰেচন কৰাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি আহি মহাবিদ্যালয়ত অনুষ্ঠিত পৰীক্ষাটো সুন্দৰকৈ দিয়ে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। কিন্তু কিছু দিনৰ পাছতেই দ্বীপে অত্যাধিক তেজ বমি কৰিবলৈ আৰম্ভ কৰে ৷ তেজ বমি হোৱাৰ পাছতেই পৰিয়ালৰ লোকে ততালিকে পুনৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে ৷ চিকিৎসকে দ্বীপৰ অপাৰেচন কৰাৰ পাছত কিছু অংশত চিলাই নকৰাৰ বাৱে তেজ নিগৰি যোৱাত বমি হোৱা বুলি পৰিয়ালক অৱগত কৰাৰ লগতে দেহত তেজৰ পৰিমাণ বহু কমি যোৱাত তেজ ২৫ ইউনিটৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে ৷

পৰিয়ালৰ লোকে বিভিন্ন লোকৰ সৈতে যোগাযোগ কৰি তেজৰ ব্যৱস্থা কৰে যদিও দ্বীপৰ স্বাস্থ্য অধিক অৱনতি ঘটাত শুক্ৰবাৰে পুৱাতেই চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোঁৱালি লয় ৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বাৱেই অকাল মৃত্যুক সাৱটি লোৱাত  এতিয়া জাঙুৰ খাই উঠিছে পৰিয়ালটো ৷ পাঁচ বছৰৰ পূৰ্বে একমাত্ৰ কন্যাকো হেৰুৱা এই পৰিয়ালটো পুনৰ পুত্ৰক হেৰুৱাত ঠান বান হৈ পৰিছে এটিয়া দুৰ্ভগীয়া  পৰিয়ালটি ৷

You might also like