নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান শিবিৰত প্রচণ্ড আঘাতঃ এছিয়া কাপৰ পৰা বাহিৰ শ্বাহিন আফ্রিদী

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: এছিয়া কাপৰ পূর্বে পাকিস্তান ক্রিকেট শিবিৰত মোক্ষম আঘাত৷ ইয়াৰ বিপৰীতে ৰোহিত শর্মাৰ দললৈ আহিছে গভীৰ স্বস্তি৷ সোঁ ভৰিৰ লিগামেণ্টত আঘাতপ্রাপ্ত হৈ প্রতিযোগিতাৰ পৰা বাদ পৰিবলগীয়া হৈছে পেচবলাৰ শ্বাহিন শ্বাহ আফ্রিদী৷ আঘাতৰ বাবে ৪–৬ সপ্তাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব পাকিস্তানী বলাৰগৰাকী৷ বিগত টি–২০ বিশ্বকাপত শ্বাহিনেই বিধ্বস্ত কৰিছিল ভাৰতীয় বেটিং লাইন৷ প্রথম অভাৰতে তেওঁ বিদায় দিছিল ৰোহিত শর্মা আৰু লোকেশ ৰাহুলক৷ পাছত বিৰাট কোহলিকো আউট কৰিছিল এইগৰাকী বাঁওহতীয়া পেচবলাৰে৷ শ্বাহিনৰ সেই আক্রমণৰ বাবেই মেচখনৰ আৰম্ভণিতে বেকফুটলৈ যাবলগীয়া হৈছিল ভাৰত৷ এইবাৰ এছিয়া কাপত শ্বাহিন নথকা বাবেই স্বস্তিৰ নিশ্বাস এৰিছে ৰোহিত বাহিনীয়ে৷ এছিয়া কাপৰ উপৰি দেশৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো খেলিব নোৱাৰিব শ্বাহিনে৷ অৱশ্যে অক্টোবৰ মাহত অষ্ট্রেলিয়াত টি–২০ বিশ্বকাপৰ পূর্বে তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰিছে পাকিস্তান দলে৷ গালেত শ্রীলংকাৰ বিৰুদ্ধে প্রথম টেষ্টত ফিল্ডিং কৰা সময়ত ভৰিৰ লিগামেণ্টত আঘাত পাইছিল শ্বাহিনে৷ চিকিৎসকে পৰীক্ষা কৰাৰ পাছতে তেওঁক এছিয়া কাপৰ পাকিস্তান দলৰ পৰা বাদ দিয়া হৈছে৷

You might also like