চিৰাঙত পুনৰ ২৩ জন ক’ভিড আক্ৰান্ত; মুঠ আক্ৰান্তৰ সংখ্যা ৩২৭ জন
নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : সম্প্ৰতি চিৰাঙত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা । আজি জিলাখনত নতুনকৈ ২৩ জন লোক আক্ৰান্ত হৈছে। জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য মতে আজি কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা ব্যক্তিসকলৰ ভিতৰত ১৩ জন ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা বজাৰৰ বুলি জানিব পৰা গৈছে।
আজি বৰতালোৱা বজাৰত ১৭৯ গৰাকী ব্যক্তিৰ মাজত কৰা ৰেপিড টেষ্টত ১৩ জন ব্যক্তিৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। জিলাখনৰ অন্য ঠাইৰো কিছু সংখ্যক ব্যক্তিক কোভিড-১৯ পজিটিভ হিছাপে পোৱা যায়। আজিৰ মুঠ ২৩ জন পজিটিভৰ ভিতৰত আঠ জনক ছোৱাব টেষ্ট যোগে কোভিড পজিটিভ হিচাপে পোৱা গৈছে।
নতুনকৈ সংক্ৰমিত হোৱা ব্যক্তিসকলৰ ভিতৰত প্ৰাক্তন সাংসদ লুইছ ঈছলাৰীৰ ডেৰ বছৰীয়া নাতিয়েকো আছে বুলি জানিব পৰা গৈছে। আজিৰ ২৩ জনকলৈ জিলাখনত মুঠ কোভিড -১৯ আক্ৰান্তৰ সংখ্যা ৩২৭ জন হৈছে। ইয়াৰে ভিতৰত বৰ্তমান ১০২ জনক কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়, কাশীকোত্ৰা মডেল হাস্পতাল আৰু সুভাইঝাৰ মডেল হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ১৯০ জনক চিকিৎসা প্ৰদানৰ অন্তত সুস্থ্য হোৱাত নিজ নিজ গৃহলৈ যাবলৈ দিয়া হৈছে। আনহাতে জিলাখনত এতিয়াও মুঠ ৪২৪ গৰাকী ব্যক্তিক হোম কোৱাৰেন্টাইন কৰি ৰখা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই সংবাদ মাধ্যমক জনাইছে।।