চিৰাঙত প্ৰথমজন কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৪ আগষ্ট: চিৰাঙত কালি প্ৰথমজন কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয় । চিৰাং জিলা স্বাস্থ্য বিভাগৰ তথ্যৰ আধাৰত জিলা তথ্য আৰু জনসংযোগ বিভাগে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধিন হোৱা ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ১নং টুক্ৰাঝাৰ গাঁৱৰ বাসিন্দা প্ৰমোদ নাৰ্জাৰীৰ(৫১) হঠাতে স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰে । অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে কালি বিয়লি প্ৰমোদ নাৰ্জাৰীৰ উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
কাজলগাঁৱৰ পৰা গৈ পোৱাৰ পাছত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কালি সন্ধিয়া ৫-৩০ বজাত নাৰ্জাৰীৰ মৃত্যু হয়। ২ আগষ্টত চিৰাং জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন কৰাৰ এদিন পাছতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা প্ৰমোদ নাৰ্জাৰী চিৰাং জিলাৰ প্ৰথম জন কোভিড-১৯ পজিটিভ হৈ মৃত্যু হোৱা ব্যক্তি। অৱশ্যে জিলা স্বাস্থ্য বিভাগে নাৰ্জাৰী মধুমেহ ৰোগত আক্ৰান্ত হৈছিল বুলিও জানিবলৈ দিয়ে । উল্লেখ্য যে চিৰাঙত বৰ্তমানলৈ ২৮০ জন কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯১ জনে আৰোগ্য লাভ কৰাত সম্প্ৰতি ৮৯ জনে চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে বুলি একেটা সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে ।।