নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত আলফা(স্বাঃ) সদস্যৰ আত্মসমৰ্পন

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ:  আলফা(স্বাঃ) আৰু চৰকাৰৰ মাজত অনুষ্ঠতব্য শান্তি আলোচনাই গেঠেলা মাৰি থকাৰ মাজতে আজি চৰাইদেউত এগৰাকী আলফাৰ(স্বঃ) সদস্যই আত্মসমৰ্পন কৰে৷  আৰক্ষীৰপৰা লাভ কৰা তথ্য অনুসৰি আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্য জনৰ নাম পংকজ গোঁহাই ওৰফে ভৈৰৱ অসম। চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী বানফেৰাৰ বাসিন্দা ৰঞ্জিত গোহাঁইৰ পুত্ৰ পংকজ গোঁহাই ওৰফে ভৈৰৱ অসমে ২০১৬ চনত আলফাত(স্বাঃ) যোগদান কৰিছিল৷   উল্লেখ্য, ২০১৯ চনত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ আৰক্ষীয়ে আত্মসমৰ্পন কৰা সদস্যজনক আটক কৰিছিল। অৰুণাচলৰ খুনচা কাৰাগাৰত  কাৰাৰুদ্ধ হৈ থকা আলফা সদস্যগৰাকীয়ে শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়ে আজি চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ 
You might also like