ছাত্র–ছাত্রী নথকাত বহি বহি দৰমহা আদায় শিক্ষক–কর্মচাৰীৰ
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ ৰণপাগলী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ নামত ভেঁকো–ভাওনা চলাৰ বিপৰীতে আঠগৰাকী শিক্ষক–কর্মচাৰীয়ে বহি বহি দৰমহা আদায় কৰি আছে৷ তাৰ পিছতো চকু দিয়া নাই ধুবুৰী জিলা বিদ্যালয় পৰিদর্শকগৰাকীয়ে৷ ১৯৮২ চনত স্থাপন কৰা বিদ্যালয়খনত চলিত বর্ষত দশম শ্রেণীত বাৰগৰাকী আৰু নৱম শ্রেণীত মাত্র ৯গৰাকী ছাত্র–ছাত্রী আছে৷ কিন্তু শিক্ষক তথা বিদ্যালয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে কালি দশম শ্রেণীত এগৰাকীও ছাত্র–ছাত্রী উপস্থিত নথকাৰ বিপৰীতে নৱম শ্রেণীত উপস্থিত হয় মাত্র চাৰিগৰাকী ছাত্র–ছাত্রী৷
উল্লেখ্য যে দুগৰাকীকৈ কলা বিভাগৰ শিক্ষকে অৱসৰ লোৱাৰ বিপৰীতে বিদ্যালয়খনত দুজন বিজ্ঞান শিক্ষক, ক্রমে এজনকৈ সংস্কৃত, হিন্দী আৰু আৰবিক শিক্ষক, প্রধান শিক্ষক আৰু দুগৰাকী কর্মচাৰীকে ধৰি মুঠ আঠগৰাকী শিক্ষক–কর্মচাৰী আছে৷ ফলত চাৰি–পাঁচগৰাকী ছাত্র–ছাত্রীৰে বিদ্যালয়খন চলাই নি মোটা অংকৰ দৰমহা আদায় কৰি আছে শিক্ষক–কর্মচাৰীসক্৷ আনহাতে, ৰাইজে প্রায় পাঁচ–ছয়খন গাঁও মিলি উচ্চ মাধ্যমিক বিদ্যালয়খন স্থাপন কৰি অঞ্চলটোত ছাত্র–ছাত্রীৰ বাবে অন্ততঃ মাধ্যমিক পর্যায়ৰ শিক্ষা প্রদানৰ চেষ্টা চলায় যদিও শিক্ষকসকলৰ অপাৰগতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে অভিভাৱকসকলে নিজৰ ল’ৰা–ছোৱালীক উক্ত বিদ্যালয়ত নামভর্তি কৰোৱাৰ পৰিৱর্তে প্রায় পাঁচ–ছয় কিলোমিটাৰ দূৰত্বৰ সত্রশাল আৰু আগমনিৰ বিদ্যালয়ত নামভর্তি কৰি দিয়ে৷ ফলত বিদ্যালয়খনত প্রয়োজনীয় ছাত্র–ছাত্রী নথকাত বহি বহি দৰমহা আদায় কৰি আছে শিক্ষক–কর্মচাৰীসক্৷
ইপিনে, বিদ্যালয়খনৰ পৰা মাত্র দুশ মিটাৰ নিলগত থকা ৰণপাগলী মধ্য ইংৰাজী বিদ্যালয়ত প্রতিবছৰে প্রতিটো শ্রেণীত ৫০–৬০গৰাকীকৈ ছাত্র–ছাত্রীয়ে নামভর্তি কৰি সুকলমে উত্তীর্ণ হৈ যায় যদিও উচ্চ মাধ্যমিক বিদ্যালয়খনত শিক্ষাৰ মান উন্নত নোহোৱাত সেইসকল ছাত্র–ছাত্রীয়ে তাত নামভর্তি নকৰে বুলি একাংশ অভিভাৱকে অভিযোগ কৰিছে৷ সেয়ে বহি বহি দৰমহা লোৱা শিক্ষকসকলক আগমনি আৰু সত্রশালৰ বিদ্যালয়ত নিয়োগ কৰি তাত আন বিদ্যালয়ৰ শিক্ষকক স্থলাভিষিক্ত কৰিবলৈ একাংশ অভিভাৱকে দাবী জনাইছে৷