নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ লাওজানত ভূমি বিবাদঃ দাৰ ঘাপত আহত ২ জন

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ছিপাঝাৰত ভূমিকেন্দ্রিক সংঘর্ষত গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে দুজনকৈ লোক৷ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তর্গত লাওজানত সঘটিত এই আক্রমণৰ ঘটনাত আহত হোৱা লোক দুজন সম্প্রতি চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এজন আক্রমণকাৰী বর্তমান আৰক্ষীৰ জিম্মাত৷

উল্লেখ্য যে লাওজান চ’কৰ প্রায় গাতে লাগি থকা চম্খাৰ পথাৰত এটা কোম্পানীৰ নামত থকা মাটি অবৈধভাৱে দখল কৰি পুখুৰী খান্দিছিল অমৃত নাথ নামৰ স্থানীয় বচাছুবা গাঁৱৰ এজন লোকে৷ কিছুদিন ধৰি বিষয়টোক লৈ ভিতৰি ভিতৰি অসন্তুষ্টি আৰু উত্তেজনা সৃষ্টি হৈ আহিছিল ভিতৰি ভিতৰি৷ কিন্তু মঙলবাৰে সংশ্লিষ্ট কোম্পানীৰ লোকে পুখুৰীটো পুতিবলৈ লয়৷ এই কার্যত খর্গহস্ত হৈ পৰে অমৃত নাথ আৰু পৰিয়ালৰ লোক৷ যাৰ বাবে কোম্পানীৰ কর্মচাৰী হিচাপে কামটো তদাৰক কৰি থকা বচাছুবা গাঁৱৰেই তপন নাথ আৰু চণ্ডী চৰণ চৌধুৰীক অমৃত চন্দ্র নাথ আৰু ভ্রাতৃ সুৰেন নাথে দাৰে আক্রমণ কৰে৷ ঘটনা সংঘটিত কৰিয়েই দুই ভ্রাতৃয়ে পলায়ন কৰাৰ বিপৰীতে আহত হোৱা তপন নাথ আৰু চণ্ডী চৌধুৰীক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও ছিপাঝাৰৰ চিকিৎসকে গুৱাহাটীলৈ নিয়াৰ পৰামর্শ দিয়ে৷

আনহাতে টনা সন্দর্ভত তপন চন্দ্র নাথে ছিপাঝাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষীয়ে অভিযুক্ত সুৰেন নাথক গ্রেপ্তাৰ কৰিছে৷আনহাতে বর্তমান পর্যন্ত পলাতক অৱস্থাত আছে মূল অভিযুক্ত অমৃত নাথ৷

You might also like