নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেৰফাংগুৰিত ৭২ টা চোৰাং গৰুভর্তি তিনিখন ট্রাক জব্দ এনডিএফবিৰ

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ নির্লিপ্ততাৰ সুযোগ লৈ পুনৰ সক্রিয় হৈ উঠিছে গৰু ছিণ্ডিকেট বাহিনী৷ কিছুদিনৰ বিৰতিৰ পিছত আকৌ অসমৰ মাজেৰে বাংলাদেশলৈ আৰম্ভ হৈছে গো–মাতাৰ চোৰাং চালান৷ এইবাৰ উজনি অসমৰ শাসকীয় দলৰ দুজন বিধায়কৰ নেতৃত্বত আৰম্ভ হোৱা এই অবৈধ কাৰবাৰে এতিয়া সর্বত্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিগত কেইদিনমান ধৰি প্রতিদিনে চুবুৰীয়া পশ্চিমবংগৰ সোণাপুৰ বজাৰৰ পৰা মেঘালয়ৰ ন–মাইল বজাৰলৈ ট্রাকে ট্রাকে সৰবৰাহ কৰি থকা হৈছে উত্তৰ ভাৰতৰ গৰু৷ পৰৱর্তী সময়ত জাকে জাকে গো–মাতাৰ চালান চলে বাংলাদেশলৈ৷ যিহেতু বাংলাদেশ বিশ্বৰ ভিতৰত অন্যতম বৃহৎ গো–মাংস ৰপ্তানিকাৰী দেশ, গতিকে তাত গো–মাংসৰ চাহিদাও বেছি৷ সেইবাবেই ছিণ্ডিকেট বাহিনীয়ে একোটা গৰুৰ বিপৰীতে বাংলাদেশত একৰ পৰা ডেৰ লাখ টকালৈকে দাম লাভ কৰে৷ এই ধন হাৱালাৰ মাধ্যমেৰে অসম নাইবা মেঘালয়ত সংগ্রহ কৰে গো–মাফিয়াসকলে৷ গো–মাতাৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে বিভিন্ন দল–সংগঠন যোৱা সময়ছোৱাত সৰৱ হৈ উঠাই নহয়, ৰাজপথত নামি অভিযানো চলাইছিল৷ জব্দ কৰিছিল ট্রাকে ট্রাকে চোৰাং গৰু৷ কিন্তু শেহতীয়াকৈ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি থকা অবৈধ কাৰবাৰক মুকলিকৈ ৰক্ষণাবেক্ষণ দিবলৈ লৈছে অসম আৰক্ষীয়ে৷ কোকৰাঝাৰৰ পৰা গুৱাহাটী মহানগৰীলৈ খোদ আৰক্ষীয়ে গৰু সৰবৰাহ কৰা ট্রাকক এছক’ট দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এইক্ষেত্রত আৰক্ষী আৰু ছিণ্ডিকেট বাহিনীৰ মাজত ধনৰ লেনদেন কৰে মোজাম্মিল নামৰ এজন কংগ্রেছী নেতাই৷ ধর্ষণৰ গোচৰত অভিযুক্ত এইগৰাকী কংগ্রেছীক কেইদিনমান পূর্বে এজন বিজেপি বিধায়কৰ লগত চাহ খাই থকা অৱস্থাত কামৰূপৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ কিন্তু ৰাজনৈতিক হেঁচাত সেই নিশাই তেওঁক থানাৰ পৰা মুকলি কৰি দিয়া হয়৷ এতিয়া উজনি অসমৰ দুই বিধায়কৰ সহযোগত এইজন মোজাম্মিলেই আৰম্ভ কৰিছে কোটিটকীয়া গৰুৰ ছিণ্ডিকেট৷ ছিণ্ডিকেট বাহিনী আৰু আৰক্ষীৰ মিতিৰালিৰ লজ্জাজনক ছবিখন কালি নিশা কোকৰাঝাৰত প্রকট হৈ পৰিল৷ কোকৰাঝাৰৰ ছেৰফাংগুৰিত যোৱানিশা এনডিএফবি সদস্যই তিনিখনকৈ গৰুভর্তি ট্রাক জব্দ কৰে৷ ডব্লিউবি ৭৬ ৮৮৭৪, এ এছ ২৬ চি ৫৪০৪ আৰু ইউপি ৪১ এটি ৫৮৮৩ নম্বৰৰ পশ্চিমবংগৰ পৰা মেঘালয় অভিমুখী ট্রাককেইখনত আছিল ৭২টা গৰু৷ আটাইকেইটা গৰু বাংলাদেশত বিক্রীৰ বাবে লৈ যোৱা হৈছিল৷ নিশা এনডিএফবি সদস্যসকলে গৰুসহ ট্রাককেইখন জব্দ কৰি থানাত চমজাই দিয়ে৷ লগতে গো–মাতাৰ চোৰাং চালানৰ বিৰুদ্ধে স্থানীয় থানাত এজাহাৰো দাখিল কৰে৷ কিন্তু অতি ৰহস্যজনকভাৱে নিশাৰ ভিতৰতে আৰক্ষীয়ে ৭২টা গৰু আৰু ট্রাক মোকলাই দিয়ে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ৰাজনৈতিক পৃষ্ঠপোষকতা কৰা অসম আৰক্ষীৰ সহযোগত এতিয়া অসমত পূর্ণোদ্যমে চলিছে গো–মাতাৰ কোটিটকীয়া ছিণ্ডিকেট৷ গৰুক কেন্দ্র কৰি চলি থকা অবৈধ ব্যবসায় গোমৰ ফাক হৈ পৰাৰ পিছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like