ছয়গাঁও মহাবিদ্যালয়ত লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে সজাগতা সভাত কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়
নিয়মীয়া বাৰ্তা, ২৩ জুলাই : কামৰূপ জিলাৰ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ছয়গাঁও মহাবিদ্যালয়ৰ সহযোগত যোৱাকালি দিনৰ প্ৰায় ১১ বজাত ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত লোকসৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি তথা কৰ্ম সংস্থাপন সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় । এই সজাগতা সভাত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় সমল ব্যক্তি হিচাপে উপস্হিত থাকি ভাষণত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য কয় যে নিজকে মানৱ সম্পদ হিচাপে গঢ়িব পাৰিলে হে দেশখন উন্নতিৰ ফালে আগবাঢ়ি যাব বুলি কোৱাৰ লগতে উশৃংখল জীৱন লৈ মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে । প্ৰশাসনিক বিষয়া হবলৈ হলে সকলোতে জ্ঞান থাকিব লাগিব । Attitude, Skill, Knowledge অবিহনে সফলতা লাভ কৰা টান । গঠনমূলক চিন্তাধাৰা হলেহে আমি আগবাঢ়ি যাব পাৰিম । সফলতা, বিফলতা কেতিয়াও স্থায়ী নহয় বুলি কৈ আৰক্ষী অধীক্ষক গৰাকীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি তথা কৰ্ম সংস্থাপন সম্পৰ্কে বিশদ ভাবে মন্তব্য আগবঢ়াই । এই সজাগতা সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যোগেন্দ্ৰ কুমাৰ দাসে ভাষণত কয় যে আগতে ৰাজনৈতিক প্ৰভাৱ থাকিলে চাকৰি হৈছিল যদিও আজিকালি ৰাজনৈতিক প্ৰভাৱত চাকৰি নহয় । মেধাসম্পন্ন তথা নিজৰ দক্ষতা, গুন, অৰ্হতা থাকিলে চাকৰি পাবই বুলি কৈ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কয় বাতৰি কাকতে বহুতো জ্ঞান বিলাই । অতি কমেও দুখন অসমীয়া দৈনিক বাতৰি কাকত আৰু এখন ইংৰাজী বাতৰি কাকত পঢ়িবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই । দক্ষিণ কামৰূপৰ ছাত্ৰ-ছাত্ৰী সকলোক লোকসেৱা আয়োগৰ পৰীক্ষা সম্পৰ্কে অধিক অৱগত কৰোৱাৰ উদ্দেশ্য আয়োজিত এই সজাগতা সভাত ছয়গাঁও ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অম্বৰীশ বৰা, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ নগেন কলিতা, ছয়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক বিষয়া কমল ঠাকুৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক বনমালী নাথকে প্ৰমূখ্যে কৰি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্হিত থাকে ।
প্ৰেৰক: বিশ্বজিৎ কলিতা