১৮ বছৰেওবাস্তৱায়িত নহ’ল প্রতিশ্রুতিঃ জহি–খহি গৈছে গৌৰীপুৰৰ ঐতিহাসিক ‘হাৱা মহল’
নিয়মীয়া বার্তা, ৩০ জানুৱাৰীঃ ক্রমশঃ জহি–খহি যাবলৈ ধৰিছে গোৱালপাৰীয়া লোক–সংগীতৰ পীঠস্থান তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী পদ্মশ্রী প্রতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবোগস্থিত ‘হাৱা মহল’৷ কিন্তু শিল্পীগৰাকীৰ মৃত্যুৰ পিছত বিভিন্ন মহলৰ পৰা পোৱা গৈছিল বিভিন্ন প্রতিশ্রুতিৰ৷ শিল্পীজনাৰ সংগীত সাধনাৰ পীঠস্থান মাটিয়াবোগৰ হাৱা মহলক এক সংগ্রহালয় ৰূপে স্থাপন কৰাৰ প্রতিশ্রুতি প্রদান কৰিছিল তদানীন্তন চৰকাৰখনে৷ লগতে গোৱালপাৰীয়া লোক–সংস্কৃতিৰ প্রৱাহ বিশুদ্ধতাৰে প্রৱহমান ৰখাৰ স্বার্থত এটি প্রতিষ্ঠান গঢ়ি তোলাৰ কথাও ঘোষণা কৰিছিল সদৌ অসম ছাত্র সন্থাই৷ পিছে শিল্পীগৰাকীয়ে অনন্তধামলৈ যাত্রা কৰাৰ আজি ১৮ বছৰ উকলিল যদিও বিভিন্ন পক্ষই দিয়া প্রতিশ্রুতিবোৰৰ এটাও বাস্তৱত পৰিণত নহ’ল৷ ‘অগপ চৰকাৰৰ দিনত আমি লিখিতভাৱে বাইদেউৰ স্মৃতিবিজড়িত এই হাৱা মহলক সংৰক্ষণৰ বাবে পত্র লিখিছিলোঁ৷ তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তকে ধৰি অগপৰ বহু শীর্ষ নেতা ইয়ালৈ আহিছিল৷ কিন্তু বাস্তৱত একোকে নকৰিলে৷’ –এইদৰেই বিষয়টো লৈ আক্ষেপ কৰে প্রতিমা পাণ্ডে বৰুৱাৰ ভাতৃ প্রবীৰ বৰুৱাই৷ উল্লেখ্য যে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্রভাত চন্দ্র বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ মাটিয়াবোগ নামৰ সৰু টিলাৰ ওপৰত নির্মাণ কৰিছিল এই ৰাজ অট্টালিকাসদৃশ মহলটো৷ প্রথম মহাসমৰৰ সময়ত ১৯০৪ চনতেই নির্মাণকার্য আৰম্ভ হোৱা মহলটোৰ নির্মাণ সম্পূর্ণ হ’বলৈ সময় লাগিছিল ১০ বছৰ৷ ৩ লাখ ৪০ হাজাৰ টকা ব্যয়েৰে কলকাতাৰ ‘চাইনা টাউন’ৰ পৰা অহা চাইনিজ মিস্ত্রীয়ে নির্মাণ কৰি উলিওৱা এই মহলটোত হিন্দু, মোগল আৰু ব্রিটিছ স্থাপত্য কলাৰ উপাদান পোৱা যায়৷ ‘হাৱা মহলক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ অতিথিশালা তথা গ্রীষ্ম আৱাস ৰূপে ব্যৱহাৰ কৰিছিল৷
মহলটোত আছিল বিভিন্ন আপূৰুগীয়া তৈলচিত্র, আলোকচিত্র, বিভিন্ন ধৰণৰ মাৰণাস্ত্রকে ধৰি অন্যান্য বহু ঐতিহাসিক সমল থকা বয়–বস্তু৷ কিন্তু সেই সামগ্রীবোৰৰ অধিকাংশই সংৰক্ষণৰ অভাৱত নষ্ট হৈ গৈছে৷ বর্তমানে মহলটোৰ বিলিয়ার্ড ৰুমত কিছু সামগ্রী ৰখা হৈছে যদিও যথাযথ সংৰক্ষণৰ অভাৱত সেইবোৰৰ তথৈবচ অৱস্থা৷ কিন্তু নামনি অসমৰ জমিদাৰী প্রথা তথা পুৰণি গোৱালপাৰা জিলাৰ বুৰঞ্জীৰ সৈতে ওতপ্রোতভাৱে জডিত থকা সেই সামগ্রীবোৰৰ সংৰক্ষণৰ প্রয়োজন আছিল৷ জাতিটোৰ স্বার্থত প্রয়োজন আছিল পুৰণি সেই ইতিহাস জীয়াই ৰখাৰ৷ এইদৰেই ক্ষোভ প্রকাশ কৰা পোৱা যায় ৰাজ পৰিয়ালটোৰেই সদস্য প্রবীৰ বৰুৱাই৷ উল্লেখ্য যে ১৯৫৭ চনত ‘মাহুত বন্ধু ৰে’ বোলছবিখনৰ চিত্রায়ণ কৰাৰ বাবে পত্নী প্রিয়ম্বদা হাজৰিকাসহ ‘হাৱা মহল’ৰ অতিথিশালাত প্রায় ডেৰ মাহ আছিল গণশিল্পী প্রয়াত ড০ ভূপেন হাজৰিকা৷ ‘সেই সময়ত প্রয়াত প্রতিমাদিৰ কণ্ঠত ‘দেশী গান’ শুনি মুগ্ধ হৈছিল প্রয়াত শিল্পীগৰাকী৷ আৰম্ভ হৈছিল দুয়োগৰাকী শিল্পীৰ সংগীতময় যাত্রা আৰু কালজয়ী এই দুই শিল্পীৰ প্রচেষ্টাতে ৰাজবংশী সম্প্রদায়ৰ দেশী গানে জগতসভাত আত্মপ্রকাশ কৰিছিল গোৱালপাৰীয়া গীত বুলি৷ লগতে তেওঁ সদৰী কৰে যে অসমৰ বাহিৰেও চুবুৰীয়া পশ্চিমবংগকে ধৰি বিদেশৰ পৰা প্রয়াত দুয়োগৰাকী শিল্পীৰ বহু অনুৰাগী এতিয়াও ‘হাৱা মহল’ চাবলৈ আহে৷ ‘কিন্তু অতিথিসকলৰ একাংশই কেতিয়াবা শৌচাগাৰলৈ যাবলৈ বিচাৰিলে বৰ লাজ লাগে, অপ্রস্তুত হওঁ৷ কিয়নো নূ্যনতম সেই ব্যৱস্থাও আমাৰ নাই৷’ লগতে প্রবীৰ বৰুৱাই আক্ষেপ কৰি কয় যে ‘হাৱা মহলক পর্যটন ক্ষেত্র ৰূপেও গঢ়ি তোলাৰ সুযোগ আছে৷ আমাৰ থাকিবলৈ বিকল্প ব্যৱস্থ কৰিলে আমি সাজু৷ সেই কথাও আমি চৰকাৰক বহু পূর্বেই জনাইছিলোঁ, পিছে বর্তমানলৈ একো সঁহাৰি পোৱা নাই৷’ অৱশ্যে সম্প্রতি অসম পর্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ‘হাৱা মহল’ পর্যবেক্ষণ কৰাৰ পিছত ইয়াক সংৰক্ষণ অথবা পর্যটন ক্ষেত্র ৰূপে গঢ়ি তোলাৰ বিষয়টো লৈ চিন্তা–চর্চা কৰাৰ প্রতিশ্রুতি দিছিল৷ বিষয়টো লৈ ৰাজপৰিয়ালটোৰ সদস্য প্রবীৰ বৰুৱাই কয় যে ‘পর্যটন বিভাগৰ তৰফৰ পৰা হাৱা মহললৈ অহা পথছোৱা নির্মাণৰ বাবে দুই কোটি টকাৰ অনুমোদন দিয়া হোৱা বুলি লোকৰ মুখে শুনিছোঁ৷ পিছে ‘হাৱা মহল’ আৰু ইয়াৰ আচবাব–পত্রকে ধৰি ঐতিহাসিক সমলখিনি সংৰক্ষণৰ বাবেও কিবা ব্যৱস্থা লোৱা হ’ব নে নাই সেয়া এতিয়ালৈ নাজানো৷ কিন্তু আশা কৰিছোঁ পর্যটন বিভাগৰ অধ্যক্ষগৰাকীয়ে আমাক কোৱা ধৰণেই বিষয়টো লৈ চিন্তা–চর্চা কৰিব৷ কেৱল জমিদাৰ পৰিয়ালেই নহয়, দীর্ঘ বহু বছৰৰ পৰাই প্রতিমা পাণ্ডে বৰুৱাৰ বহু অনুৰাগীয়ে কিন্তু কামনা কৰি আহিছে গোৱালপাৰীয়া গীতৰ সাধনাৰ পীঠস্থান এই মহলটো সংৰক্ষণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ৷ এতিয়া প্রশ্ণ হ’ল বহু ইতিহাসৰ সাক্ষী তথা গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রয়াত প্রতিমা বৰুৱা পাণ্ডেৰ স্মৃতিবিজড়িত এই ‘হাৱা মহল’ৰ প্রতি ৰজাঘৰীয়াৰ সুদৃষ্টি পৰিবনে?