জাগীৰোডৰ কিলিং নৈৰ বানে বুৰালে নেলী-গোভা অঞ্চল
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ জাগীৰোডৰ কিলিং নৈৰ বানে জটিল ৰূপ ধাৰণ কৰিছে। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মেঘালয়ৰ উমিয়াম নৈৰ জলপৃষ্ঠ ৷ যাৰ ফলত উমিয়াম নৈত থকা বান্ধৰ পানী এৰি দিবলৈ বাধ্য হৈছে ৷ আৰু এই বান্ধৰ পানীয়ে কিলিং নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ ফলত জাগীৰোডৰ প্ৰায় অৰ্ধশতাধিক গাওঁ প্লাবিত হৈছে ৷ নেলী, আমলিঘাট, গোভা, কুঠুৰী, সোনাইকুছি, ডাবৰঘাট আদি অঞ্চল বানৰ কৱলত। আমলিঘাট-গোভা সংযোগী পথৰ লগতে আন কেইবাটাও পথ বুৰাই পেলোৱা ফলত যোগাযোগ বিছিন্ন হৈ পৰিছে। নিশাৰ ভিতৰতে সৃষ্টি হোৱা বানে বিনষ্ট কৰিছে শ শ বিঘা কৃষিভূমিৰ লগতে নিবনুৱা যুৱক সকলে কৰা কলৰ খেতি ৷ মৃত্যু মুখত পৰিছে গাহৰি, ছাগলী আদি পোহনীয়া জীৱজন্তু ৷ ক্ৰমান্বয়ে পানী বাঢ়ি থকাৰ ফলত বানাক্ৰান্তই পশুধন সমূহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।