জোনাইত আলোকৰ সন্ধানত কণ কণ শিশুৰ বিপদ সংকুল যাত্ৰা
এখন বাঁহৰ ওলমা দলঙেৰে পাৰাপাৰ কৰিছে কণ কণ শিশু
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: জোনাইৰ নাহৰ জেলম গাঁৱৰ চিলে নৈৰ ওপৰত নিৰ্মিত এখন বাঁহৰ ওলমা দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল ভাৱে পাৰাপাৰ কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীকে আদি কৰি শ শ পৰিয়ালে।
জোনাইৰ নাহৰ জেলম গাঁৱৰ চিলে নদীৰ ওপৰত নিৰ্মিত এখন বাঁহৰ ওলমা দলঙৰ দৃশ্য দেখিলে আপোনাৰো গাৰ নোম শিয়ৰী উঠিব। কণ কণ শিশুৱে আলোকৰ সন্ধানত প্ৰায় এশ ফুট দৈৰ্ঘ্য আৰু 50 ফুট উচ্চাতাৰ এখন বাঁহৰ ওলমা দলঙেৰে দৈনিক পাৰাপাৰ কৰিছে। যিকোনো মূৰ্হুত্তত এই ওলমা বাঁহৰ দলংখন ভাঙি এক ভয়ানক পৰিস্থিতি হোৱাৰ আংশকা গাঁওবাসী ৰাইজৰ।
জানিব পৰামতে এই দলঙৰ পৰা পৰি ইতিমধ্যে গাঁৱৰ তিনিজন লোকৰ মৃত্যুও হৈছে। চৰকাৰক বহু আবেদন নিবেদন কৰিছে গাঁৱবাসী ৰাইজে এখন দলঙৰ ভাৱে কিন্তু কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ভোক্তভোগী ৰাইজৰ। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ সহাঁৰি লবলৈ সময় নাই জনপ্ৰতিনিধি কিম্বা প্ৰশাসন। এখন পকী দলংৰ ভাৱে হাবাতুৰি খোৱা ৰাইজে এইবাৰ ভোট বৰ্জনৰ হুংকাৰ।