নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত পুনৰ বানৰ তাণ্ডৱ; অৰ্ধশতাধিক গাঁও  বানত প্লাৱিত

একাকাৰ পথ-পথাৰ, জলমগ্ন স্কুল, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান 

নিয়মীয়া বাৰ্তা,  ৮ জুলাইঃ জোনাই মহকুমাত পুনৰ চিয়াং-লালী ,ব্ৰহ্মপুত্ৰ, নদীৰ বানৰ তাণ্ডৱ৷ কালিৰে পৰা ওৰেনিশা দি থকা  ধাৰাষাৰ বৰষুণৰ ফলত  ব্ৰহ্মপুত্ৰ,লালী, দিখাৰী, ডেপি, ডেকা, ডেতাক, বুঢ়ীসূঁতি আদি নৈ উপনৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে  জোনাইৰ অৰ্ধশতাধিক গাঁও। জোনাই মহকুমাৰ চিয়াং লালী ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে চিঙা মথাউৰি য়েদি পানী সোমাই জোনাই ৰাজহ চক্ৰৰ বৰং অঞ্চলৰ বাহিৰ জোনাই , লোহিজান বেৰাচাপৰি, মহমৰা, কবু চাপৰি , টাৰি মাজ গাঁও, টাৰি কছাৰি, টাৰি বস্তি, বেৰা বেঙ্গলী, বেৰা নগাঁও, মিলন তীৰ্থ, জলডুবি, ৰায় বস্তি, বগীনদী, হৰিপুৰ দেউৰী, নলনী পাম, সোনোৱাল কঠনি, ৰোহিপুৰ দেউৰী ,হৰিপুৰ, ১ নং ৰাংকপ, ২ নং ৰাংকপ, বিজয়পুৰ, বৰং এৰাসুতি, জামজিং, লাইমেকুৰী কেৰকেৰ  আৰু ৰাভাকঠনিকে ধৰি ৩০ খনৰো অধিক গাওঁ  বানৰ কৱলত ৷ যাৰ ফলত নিজা লাম লাকুঠা  আৰু প্ৰয়োজনীয় সামগ্ৰী লৈ ওখ স্থানলৈ ঢাপলি বিনপিড়ত ৰাইজে৷ বাঢ়নী পানীত নিজা জীৱনকো তুচ্ছ কৰি বানাক্ৰান্ত ৰাইজে উদ্ধাৰ কৰিছে নিজা পোহনীয়া গৰু-ছাগলী, হাঁহ -কুকুৰা গাহৰি  আদি৷

ইফালে পশ্চিম জোনাইৰ বৰং কৃঞ্চপুৰ  বড়ো, কৃঞ্চপুৰ মিচিং, বৰং আহোম, বৰং মজদুৰ, ১ নং,২ নং, ৩ নং চৰাইবাৰী, মধ্যপুৰ, পিপ’লগুৰী, মদাৰগুৰী, তিনিসূঁতি,  তেলীজান, এৰাসূঁতি, মুক্তিয়াৰ,১ নং কৰ্ণপুৰ, ২ নং কৰ্ণপুৰ, ৩ নং কৰ্ণপুৰ,মাঝিআলি চাপৰি, কাংকান চাপৰি  আদি গাওঁ সমূহ বুৰাই পেলায়। গালী অঞ্চলৰ গালী কছাৰী, গালী মিচিং, গালীঘাট, মিলননগৰ, তল মামৰ, মুদৈ, জীয়াঢল,গালীঘাট লক্ষীপথাৰ, দেবেৰা, চৰাইবাৰী, বেলং, মুনিমুনি কুটুম, চেচু, গালী চাপৰি, গালী ৰাংকপ, য়াৰী, আমগুৰী আদি গাওঁ সমূহৰ উপৰি বগৰীগুৰী , ৰামধন বুঢ়ীসূঁতি, মৰা দিখাৰী, কৰৈবাৰী মুক্তিয়াৰ গাওঁ কেইখন লালী নদীৰ বানত প্লাৱিত হৈছে । লালী নদীৰ বানে গালীঘাট কৰ্ণপুৰ , গালী চিকাৰী, ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ অধিকাংশ অঞ্চল বুৰ গৈছে । মুদৈ এল পি স্কুল, জোনাইমুখ কামপুং এম ই স্কুল, পূব ৰাংকপ এলপি স্কুল কেইখন জলমগ্ন হৈ পৰিছে লালী নদীৰ বানত । ডেপি নদীৰ বাঢ়নী পানীয়ে বৰবালি গালীঘাট সংযোগী পথটো বুৰাই পেলোৱাৰ লগতে গালী কছাৰী  বৰবালি গাঁৱৰ কেবাঠাইত  বুৰ যায়।ইপিনে  ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত মেচাকি চাপৰিৰ বুঢ়িয়া চাপৰি, ৰামসিং গোৱালা, ৰামসিং ৰাভা, ৰামসিং বড়ো, উদয়পুৰ, লামাজান, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, মিলননগৰ, জীয়াঢল, জেউতি পথাৰ, ৰুমৈ ৰুমৈ, জাউঘূলী মিচিং, জাউঘূলী বড়ো, মেচাকি ৰাভা, মেচাকি বড়ো, মেচাকি বৰ্মণ, দদেৰে, বৰ্মণ চেন্টাৰ, কয়লা আলি, কেকন দিখাৰী, আন’ চাপৰি, কয়লা আলি বড়ো, কয়লা আলি মিচিং, কয়লা আলি বৰ্মণ আদি গাওঁ সমূহ সম্পূৰ্ণৰূপে প্লাৱিত হৈ পৰিছে ।ব্ৰহ্মপুত্ৰৰ বানত মেচাকি চাপৰি এম ই স্কুল, মেচাকি চাপৰি এল পি স্কুল, উদয়পুৰ এল পি স্কুল,মিলনপুৰ এল পি স্কুল, মেচাকি চাপৰি বড়ো এল পি স্কুল, বুড়িয়া চাপৰি এম ভি স্কুল কেইখন জলমগ্ন হৈ পৰিছে । লালী, বুঢ়ীসূঁতি , দিখাৰী  নদীৰ বাঢ়নী পানীয়ে বদলপুৰ বড়ো, পাখ্ৰীগুৰী, মধ্যপুৰ, বিঞ্চুপুৰ, তাকাবাৰী, মলান, মঠাম, লংকা, ২ নং  উলুৱনী, ১ নং উলুৱনী, ১ নং, ২ নং, ৩ নং জামুগুৰী, উলুৱনী মাজগাওঁ আদি গাওঁ সমূহ বুৰাই পেলোৱাৰ লগতে বানৰ কৱলত পৰা অঞ্চলৰ স্কুল, বিভিন্ন অনুষ্ঠান সমূহো জলমগ্ন হৈ পৰিছে । লালী,  দিখাৰী,বুঢ়ীসূঁতি,  ডেকা ,চেৰেণ আদি নদীৰ বাঢ়নী পানীয়ে মিছামৰা অঞ্চলৰ ১ নং, ২ নং, ৩ নং,৪ নং মধুপুৰ, কাড়িচুক, মঙ্গলবৰীয়া, তুল্লাদ, ৰুৱাদ, লৃচাং, বিল্লাম, মিছামৰা তিনিআলি, অন্নপুৰ, ১ নং, ২ নং নাওকাটা, নলবাৰী,কাংকান চাপৰি,  কুমলীয়া, ৰাওন দ পথাৰ, লাম্বা চাপৰি, লাম্বা মিচিং, লাম্বা মিলন, অপ্সৰা, ডিমৰুগুৰী লুগুটি, কৈবৰ্ত  আদি গাওঁ সমূহ বুৰাই পেলায়। ব্ৰহ্মপুত্ৰৰ বানত প্লাৱিত হৈছে চেঙাজান গোৱালা, সৌৰাংশ্ৰী গাঁৱদুখন প্লাৱিত হৈছে ।

বানৰ কবলত পৰা মেচাকি চাপৰিৰ বানপীড়িত ৰাইজে ওখভেটিত আশ্ৰয় গ্ৰহণ কৰিছে৷  বানত প্লাৱিত হৈ পৰা অঞ্চল সমুহৰ পশুধনৰ মাজত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ ।  জোনাইৰ মহকুমাৰ নৈপৰীয়া অঞ্চলত নৈ উপনৈৰ বাঢ়নী পানীয়ে পথ পথাৰ একাকাৰ কৰি পেলোৱাত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত  বানপীড়িত ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

You might also like