নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বনৰীয়া হাতীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ বানপানী সমস্যাৰ মাজতে জোনাইৰ বেৰাচাপৰি বানপীড়িত অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাইছে৷ হাতীটোৱে খেতিয়কৰ খেতিপথাৰত নষ্ট কৰাৰ উপৰিও ভৰালৰ ধান খাই তহিলং কৰে। বেৰাচাপৰি গাঁৱত কালি নিশা এটা বনৰীয়া হাতীয়ে গাঁৱখনৰ চপাবলগীয়া আহু ধান খাই তহিলং কৰাৰ লগতে সঁজাল ধৰা শালি খেতি খাই পলোৱাৰ উপৰি শালি ধানৰ কঠীয়া গচকি নষ্ট কৰি পেলায়।বেৰাচাপৰি গাঁৱৰ কেবাজনো খেতিয়কৰ খেতি পথাৰত সোমাই বনৰীয়া হাতীটোৱে বিস্তৰ ক্ষতিগ্ৰস্ত কৰি থৈ যায় শস্য পথাৰ। উল্লেখনীয় যে যোৱা ৰাতি হাতীটোৱে বেৰাচাপৰি গাঁৱৰ সুকেন বৰুৱাৰ ভৰাল ভাঙি ধান খায় তহিলং কৰে । এমাহ ধৰি লালী চিয়াং নদীৰ বানত প্লাৱিত হৈ থকা বাহি জোনাই বেৰাচাপৰি অঞ্চলৰ ভৰালৰ ধান আৰু খেতিয়কৰ খেতি পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ চলোৱাৰ ফলত ৰাইজে জ্বলাকলা খাব লগীয়া হৈছে।

You might also like