জোনাইত ৩৪০টা বানদুৰ্গত পৰিয়ালক বান সাহায্য বিতৰণ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ধেমাজি জিলা জোনাই মহকুমাত আজি এমাহদিন ধৰি অৰ্ধশতাধিক গাওঁ চিয়াং আৰু লালী নৈৰ বানৰ কবলত৷ নিজা ঘৰ বাৰী এৰি শ শ বানাক্ৰান্তই মথাউৰিৰ ওপৰত আশ্ৰয় লব লগা অৱস্থাত৷ বিশেষকৈ বেৰাচাপৰি, লুহিজান, ৰাংকপদেউৰী , বিজপুৰকে ধৰি জোনাইৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ অৱস্থা অধিক শোচনীয় হয় পৰিছে৷ শ শ হেক্টৰ কৃষিভূমি পশুধন বানৰ কবলত৷ মথাউৰিত আশ্ৰয় লোৱা ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু টিৰপালৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ মহকুমা প্ৰশাসনেও পৰ্যাপ্ত পৰিমাণে যোগান ধৰা নাই বানসাৰ্হ্যয৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত বানাক্ৰান্ত অঞ্চলৰ ৩৪০ টা বানদুৰ্গত পৰিয়ালৰ মাজত পুণৰ বান সাহাৰ্য বিতৰণ কৰে ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীয়ে৷ জোনাই ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰোহিত পুৰ দেউৰী গাওঁ, লোহিজান, হৰিপুৰ, ১ নং ৰাংকপ, ২ নং ৰাংকপ, বিজয়পুৰ, বৰং এৰাসুতি, জামজিং, লাইমেকুৰী, জেলম, চিৰুং বিভিন্ন বান বিধ্বস্ত অঞ্চলৰ ৩৪০ টা বানদুৰ্গত পৰিয়ালত চাউল, দাইল আৰু নিমখ আদি বিতৰণ কৰে | উল্লেখ্য যে যোৱা জুন মাহতো ৩৪০ টা পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীয়ে৷ হেমন্ত দেউৰীৰ এনে মানৱতাক বানদুৰ্গত ৰাইজে শলাগ লৈছে