নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰত অবৈধ শিল খনন

আৱদ্ধ ট্ৰাক-ডাম্পাৰ সহ জে.চিবি

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ কাৰ্যালয়ৰ এলেকাৰ সুগৰীপথাৰত বন বিভাগৰ টহলদাৰী দলে শিল ভৰ্তি টৱৰা আৰু ডাম্পাৰসহ কাষৰীয়া নদী এলেকাৰ পৰা দুখন জে.চি.বি জব্দ কৰে ৷ অৱশ্যে স্থানীয় বনাঞ্চলিক বিষয়াগৰাকীয়ে এই সম্পৰ্কে তথ্য লকুৱাবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে৷ বিষয়াগৰাকীক সাংবাদিকে টেলিফোনত যোগাযোগ কৰিবলৈ চেষ্টা চলাওঁতে তেওঁ মাত্ৰ এখন গাড়ীহে জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পূৰ্বেও জয়পুৰত আৱদ্ধ কৰা চোৰাং কাঠ ভৰ্তি গাড়ীৰ ক্ষেত্ৰতো সংশ্লিষ্ট বিষয়াগৰাকীয়ে তথ্য লুকুৱাৰ অভিযোগ আছে।

প্ৰেৰক : বুলন শইকীয়া / নাহৰকটীয়া

You might also like