নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটা হাইস্কুলত জৈৱ বৈচিত্ৰৰ ওপৰত সজাগতা সভা

ছবি আঁকি জৈৱ বৈচিত্ৰ ৰক্ষা কৰিব নোৱাৰিঃ ভাৰত ভূষণ দেৱচৌধুৰী 

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ “ছবি আঁকি জৈৱ বৈচিত্ৰ ৰক্ষা কৰিব নোৱাৰি। জৈৱ বৈচিত্ৰ ৰক্ষা কৰিব লাগিলে ইয়াৰ প্ৰতিটো উপাদানক আন্তৰিকতাৰে মৰম কৰিব লাগিব।”- এই মন্তব্য বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীৰ। বজালী শিক্ষাখণ্ডৰ অন্তৰ্গত সৰুপেটা হাইস্কুলত আয়োজিত জৈৱ বৈচিত্ৰৰ ওপৰত আয়োজন কৰা এক সজাগতা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ উপায়ুক্তগৰাকীয়ে আৰু কয় যে, আমি মানুহসকলে নিজকে অতি বুধিয়ক বুলি ভাৱি যি হাৰত প্ৰকৃতি ধ্বংস কৰি গৈছো, সেই অনুসৰি আমাৰ সুৰক্ষিত বসতিৰ বাবে বিকল্প পৃথিৱীৰ সন্ধান সমাগত।

নিজৰ ভাষণত উপায়ুক্তগৰাকীয়ে আৰু কয় যে, এটা সময়ত আমি প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ কৰি ফুৰা চৰাই-চিৰিকতি, সৰু-বৰ জীৱ-জন্তু মাৰি এক আসুৰিক তৃপ্তি লাভ কৰিছিলোঁ। আজি তাৰ ফল ভোগ কৰিছোঁ। জৈৱ বৈচিত্ৰৰ পৰা বহু উপাদান বিলুপ্ত হৈ গৈছে। এতিয়া জৈৱ বৈচিত্ৰৰ ৰক্ষণাবেক্ষণ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত। আমি যি মূল্যৰ বিনিময়ত হ’লেও জৈৱ বৈচিত্ৰৰ ৰক্ষা কৰিবই লাগিব। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ বি এইচ্ কলেজৰ জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° নৱজিৎ দাসে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়। নিজৰ বক্তব্যত অধ্যাপকগৰাকীয়ে বিদ্যালয়ৰ বাগিছাৰ লগতে নিজৰ চৌপাশত দেখা প্ৰতিজোপা উদ্ভিদৰ লগতে চিনাকি হ’বলৈ আহ্বান জনায়।

সভাত ভাগ লৈ বক্তব্য আগবঢ়ায় সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ আৰু পৰিকল্পনা বিভাগৰ জিলা আঁচনি বিষয়া সীতাংগ ডেকা, সমাজ জৰিতকৰণ বিভাগৰ জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই। সৰুপেটা হাইস্কুলৰ শাৰিৰীক নিৰ্দেশক দিলীপ দাসে আঁত ধৰা সভাখনত উল্লেখিত বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বিশেষভাৱে উপস্থিত থাকে বিদ্যালয়খন প্ৰধান শিক্ষক আবু বক্কৰ ছিদ্দিক আৰু বজালীৰ খণ্ড সমল ব্যক্তি আব্দুল মুতালিব। সভাত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপৰিও সমগ্ৰ শিক্ষাৰ কেবাগৰাকীও চি আৰ চি চি উপস্থিত থাকে

প্ৰেৰকঃ ভূষণ তালুকদাৰ

You might also like