নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীৰ্ণ বাহঁৰ দলঙেৰে যাতায়তঃ কান্ধত চাইকেল লৈ যাতায়ত কৰিছে মাজুলী বোকাজান অঞ্চলৰ ৰাইজে

নিয়মীয়া বাৰ্তা, ২৩ মে : বাৰিষা অহাৰ লগে লগে মাজুলীৰ একাংশ অঞ্চলৰ বাসিন্দাই আজিৰ তাৰিখতো যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰিব লগা হৈ আহিছে ৷ উজনি মাজুলীৰ বহু অঞ্চলৰ যাতায়ত অৱস্থাৰ বুজ লবলৈ আহৰি নাই নব নিৰ্বাচিত বিধায়ক ভুৱন গামৰো ৷ যাতায়তৰ নামত যমৰ যাতনা ভোগা মোৱামাৰী বাসী , ধুৱাচালা মিছিং গাঁৱৰ বাসিন্দা সকলে জয়ী হোৱাৰ পিছত এটা দিনো যাতায়তৰ বিধস্ত অৱস্থা চাবলৈ সময় নথকা বিধায়ক গৰাকীক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

ইফালে মাজুলীৰ বোকাজান আৰু কুটাইনাহৰনী সংযোগী জৰাজীৰ্ণ বাঁহৰ দলংত বিপদ সংকূল যাতায়ত কৰিছে স্থানীয় লোক সকলে । এই শুকানসুতি নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম হৈ আছে যদিও সম্পূণ হোৱা নাই দলং খনৰ নিৰ্মাণ কাৰ্য । যাৰ বাবে কাষতে থকা ভগা , জৰাজীৰ্ণ বাহঁৰ দলং খনেৰে যাতায়ত কৰিব লগা হৈছে জনতাই । আনহাতে পকী দলং এখন সম্পূণ নোহোৱা পৰ্যন্ত পথচাৰী সকল অহা যোৱা কৰিবৰ বাবে ঠিকাদাৰ পক্ষই যাতায়তৰ সুবিধা কৰি দিব লাগে যদিও গুৰুত্ব নাই ঠিকাদাৰ পক্ষৰ ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ।

এক কথাত এই ঠিকাদাৰ সকলক বাধ্য কৰাত ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষও। বিভাগীয় লোকৰ চৰম হেমাহিৰ বাবেই এইদৰে যাতনা ভূগিব লগা হৈছে মাজুলীৰ এইসকল লোকে। বোকাজন, কোটাইনাহৰনী, বাঘপাম আদি গাঁৱৰ ছাত্ৰছাত্ৰীসকলে এই বিধস্ত , পানী উঠা দলং খনেৰে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , শ্ৰীৰাম বনমালি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়লৈ হাৰাশাস্তি ভোগী , যাত্ৰী সকলে কান্ধত চাইকেল ডাঙী পাৰাপাৰ হব লগা হৈ আহিছে ৷ বোকাজান আৰু কোটাইনাহৰনী বাসীয়ে এই দৰে ভোগী অহা দুৰ্বিসহ যাতায়তী ব্যৱস্থাৰ কেতিয়া অৱসান হয় সেয়া অঞ্চলবাসীৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড

You might also like