নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়াও ১২ টা নবজা এখন চহৰ, ১১ টাতে ৰৈ যায় ঘড়ীৰ কাঁইট

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ ঘড়ীয়ে ঘড়ীৰ নিয়মতেই চলে। সময় কাৰো বাবেই ৰৈ নাযায়। নদীৰ সোঁতৰ দৰে কেবল বৈ যায়। কিন্তু এইখন পৃথিৱীতে আছে এনে এখন চহৰ য’ৰ ঘড়ীত কেতিয়াও ১২ টা নাবাজে। ১১ টাতেই শেষ সেই ঘড়ীৰ সংখ্যা।

ছুইজাৰলেণ্ডৰ ছোলোথাৰ্ণ চহৰৰ সৈতে ১১ সংখ্যাটো ওতঃপ্রোতভাৱে জড়িত হৈ আছে। চহৰৰ মিউজিয়াম, ৰেস্তোৰাঁৰ পৰা আৰম্ভ কৰি নির্বাচিত কাউন্সিল পর্যন্ত সকলো ১১টা। আৰু এই ছোলোথাৰ্ণ চহৰতেই আছে সেই আশ্চর্যকৰ ঘড়ীটো, যাৰ কাঁইট ৰৈ যায় ১১টাত। সেই ঘড়ীটোত বাৰটা নাবাজে কেতিয়াও।

ছোলোথাৰ্ণ চহৰ ছুইজাৰলেণ্ডৰ অন্যতম আকর্ষণ। প্রতিবছৰে বহু পৰ্যটক আহে এই চহৰলৈ। চহৰখনৰ কেন্দ্রৰ টাউন স্কোৱাৰত যি ডাঙৰ ঘড়ীটো আছে তাত সংখ্যা ৰৈছে ১১ পর্যন্ত। সেয়ে ঘড়ীটোত কেতিয়াও ১২টা নাবাজে।


আচলতে ১১ সংখ্যাটোৰ সৈতে ছোলোথার্নৰ ইতিহাস জড়িত হৈ আছে। কোনো কোনোৱে কয় চহৰখনৰ প্রতিষ্ঠাতা ইলভ নামৰ এজন জার্মান নাগৰিক আছিল। তেওঁক স্থানীয় মানুহে ইমানেই ভাল পাইছিল যে তেওঁৰ নামৰ সৈতে মিলাই ইলেভেন সংখ্যাটোকে সকলোৱে বাছি লয়, আৰু তাৰে পৰাই ছোলোথার্ন সাজি উঠে ১১ ৰে। এই চহৰখনত ১১ টা মিউজিয়াম, ১১টা ঝর্না, ১১টা গির্জা আছে। আৰু বিভিন্ন নিদর্শনৰ সৈতে যুক্ত হৈ আছে ১১ সংখ্যাটো। ছোলোথার্নৰ এঘাৰৰ সবাতোকৈ ডাঙৰ কেন্দ্রবিন্দু সেই বিশাল ঘড়ীটো।

বিশ্বৰ অন্যতম সুন্দৰ চহৰবোৰৰ মাজত প্রথম শাৰীতেই আছে ছুইজাৰলেণ্ড। এই দেশখন আৱৰি আছে আল্পছ পর্বতে। বৰফে ঢকা মনোৰোম ছুইজাৰলেণ্ডলৈ ছুটী কটাবলৈ গ’লে জুৰিখ, জেনেভাতো আছেই, এবাৰ ছোলোথার্ন ঘুৰি আহিবলৈ নাপাহৰিব।

You might also like