নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰগাঁৱত ৩০ গৰাকী কৃতী  শিক্ষাৰ্থীক সম্বৰ্ধনা   

নিয়মীয়া বাৰ্তা, ৩০ জুলাই : ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত আজি ৩০ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত  বিশিষ্ট সমাজ কৰ্মী যোগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্য পূৰ্ণ সভাত উচ্চতৰ মাধ্যমিক আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই আঁত ধৰা উক্ত  সভা  আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঝাৰগাঁও অঞ্চলৰ বিশিষ্ট নাগৰিক কিৰণ শইকীয়াই  সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশ লৈ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ভূমিধৰ চহৰীয়াই ছাত্ৰ-ছাত্ৰী সকলক নিজৰ লক্ষ্যত উপনীত হ’বলৈ  একাগ্ৰতাৰে অধ্যয়নত মনোনিৱেশ কৰিবলৈ  পৰামৰ্শ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেই সমাজ নিৰ্মাণৰ দায়িত্ব ল’ব লাগিব বুলিও মন্তব্য কৰে । সভাত অৱসৰী কৃতী শিক্ষক  শিৱপ্ৰসাদ চৌধুৰী, ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ শৰ্মা,  সমাজ কৰ্মী দামোদৰ ডেকা,  চানা ৰাম বড়ো, শিক্ষক সুৰেন্দ্ৰ মোহন ৰাভা , শান্ত ৰাম ৰাভাকে   ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

You might also like