নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাখাতত প্ৰতিভা সন্ধানী পৰীক্ষা ’জ্ঞান-মালিনী’ সম্পন্ন 

নিয়মীয়া বাৰ্তা, ২০ মে’: ডিব্ৰুগড় জিলাৰ টেঙাখাত শিক্ষা খণ্ডৰ খণ্ড শৈক্ষিক সমল গোটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত অষ্টম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা ’জ্ঞান-মালিনী’ কালি সফলতাৰে সম্পন্ন হৈ যায়৷ শিক্ষাখণ্ডটোৰ অন্তৰ্গত টেঙাখাত, দুলীয়াজান আৰু বকুলনিস্থিত তিনিটা পৰীক্ষা কেন্দ্ৰত মুঠ দুশ পাঁচজন পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়৷ দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰীক্ষা কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে এই পৰীক্ষা শুভাৰম্ভ কৰি ডিব্ৰুগড় জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিণ্টি শৰ্মাই এনে পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে ভৱিষ্যতে সন্মুখীন হ’বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ এক আৰ্হি হৈ ৰ’ব বুলি উল্লেখ কৰি  এনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে টেঙাখাত শিক্ষাখণ্ডৰ শৈক্ষিক সমল গোটৰ শলাগ লয়৷ উল্লেখযোগ্য যে ছাত্ৰছাত্ৰীসকলক সৰুৰেপৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মানসিক আৰু বৌদ্ধিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে ’জ্ঞান-মালিনী’ শীৰ্ষক এই পৰীক্ষাৰ আয়োজন কৰা হৈছে৷
You might also like