নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব তিনিবছৰে একেস্থানত থকা আৰক্ষী বিষয়াকঃ DGP

নিয়মীয়া বাৰ্তা, ২০ মে’: ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব তিনিবছৰ একেস্থানত থকা অসম আৰক্ষী বিষয়াক। সকলো জিলাৰে পৰা এনেধৰণৰ বিষয়াৰ তালিকা বিচাৰিছে অসম আৰক্ষীয়ে।

আজি এক সংবাদমেল সম্বোধন কৰি অসম আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে কয়- অসম আৰক্ষীৰ মুখ্যালয়ৰ প্ৰশাসনৰ সৈতে জড়িত বিষয়াসকলক নিৰ্দেশ দিছোঁ যে তিনিবছৰ একেস্থানত থকা উপ-পৰিদৰ্শকৰ পৰা উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলৰ এখন তালিকা সাজু কৰিব লাগে। আৰু এই তালিকাত থকা বিষয়াসকলক ৪৮ ঘণ্টাৰ ভিতৰত বদলি কৰা হ’ব।

ইপিনে অসম আৰক্ষীৰ যিসকল আৰক্ষী বিষয়া কোনো দুৰ্নীতি বা অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে বা থকা বুলি অভিযোগ উত্থাপন হয়, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হব বুলিও আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মন্তব্য কৰে।

You might also like