ট্রাইবেল বেল্ট–ব্লকক লৈ বিটিএডিৰ অজনজাতি শংকিত হোৱাৰ কোনো কাৰণ নাই
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ শেহতীয়াভাৱে ড্রাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা অজনজাতীয় লোক উচ্ছেদ হ’ব লাগিব বুলি উচ্চ ন্যায়ালয়ৰ এক নির্দেশনাক লৈ বিটিএডিত বসবাস কৰা কোনো লোকে ভয় বা আতংকিত হোৱাৰ কাৰণ নাই৷ নিজৰ ৰাজনৈতিকস্বার্থসিদ্ধিৰ বাবে সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডি অঞ্চলৰ ৰাইজৰ মাজত অপপ্রচাৰ চলাই অজনজাতীয় লোকৰ মাজত যি ভয় আৰু আতংকৰ সৃষ্টি কৰিব বিচাৰিছে সেয়া অমূলক আৰু ভিত্তিহীন৷ বিটিএডিত পূর্বৰে পৰা বসবাস কৰি থকা এজনো অজনজাতীয় লোকে এনে অপপ্রচাৰত ভোল যাব নালাগে৷ –এই মন্তব্য ৰাজ্যসভাৰ সাংসদ, বিপিএফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীৰ৷
শনিবাৰে বাগ্সা জিলাৰ তামুলপুৰত সংবাদ মাধ্যমৰ আগত সাংসদ দৈমাৰীয়ে এই মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিৰ বাহিৰৰ জনৈক প্রদ্যুৎ বৰা নামৰ লোকৰ দ্বাৰা ড্রাইবেল বেল্ট এণ্ড ব্লক সন্দর্ভত এক পি আই এল কৰাইছিল আৰু এইক্ষেত্রত সাংসদগৰাকীয়ে নিজৰ ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে এনে নিকৃষ্ট ষডযন্ত্রত লিপ্ত হৈছে৷ সাংসদ দৈমাৰীয়ে পুনৰ কয় যে নৱ কুমাৰ শৰণীয়াই প্রদ্যুৎ বৰা নামৰ এই লোকজনৰ হতুৱাই পি আই এল কৰাই বিটিএডিত বসবাস কৰা অজনজাতীয় লোকৰ মাজত ভয় আৰু শংকা বিয়পাই বডো আৰু অবডোৰ মাজত বিভাজনৰ নিকৃষ্ট ৰাজনীতিৰে ২০২০ চনৰ পৰিষদীয় নির্বাচনত নিজৰ আধিপত্য বিস্তাৰৰ বাবে প্রয়াস চলাইছে৷ কিন্তু নৱ কুমাৰ শৰণীয়াৰ এনে কু–ভিসন্ধি কেতিয়াও সফল হ’ব নোৱাৰে৷ তেওঁ কয় যে বিটিএডিত বসবাস কৰি অহা কোনো অজনজাতীয় লোকে ড্রাইবেল বেল্ট এণ্ড ব্লকক লৈ শংকা কৰাৰ প্রয়োজন মুঠেই নাই৷ সাংসদ নৱ কুমাৰ শৰণীয়া নিজেই এজন বডো জনজাতীয় লোক হৈও বডো জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি আহিছে৷ নৱ কুমাৰ শৰণীয়া নিজেই যে এজন বডো জনগোষ্ঠীৰ লোক হয় সেয়া তেওঁৰ নথি–পত্রই প্রমাণ কৰে৷ আৰু তেওঁ বডো জনগোষ্ঠীৰ লোক নহৈ যদি দুই নম্বৰী প্রমাণ–পত্রৰ জৰিয়তে সাংসদ হিচাপে নির্বাচিত হৈছে তেনেহ’লে ক’ব লাগিব তেওঁ এজন দুই নম্বৰী বডো৷ সেয়ে তেওঁ বডো আৰু অবডোৰ মাজত বিভাজনৰ ৰাজনীতি কৰি নিজৰ স্বার্থ সিদ্ধিৰ বাবে আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ সাংসদ দৈমাৰীয়ে ড্রাইবেল বেল্ট এণ্ড ব্লক সন্দর্ভত স্পষ্ট কৰি দি কয় যে যদিহে নতুনকৈ কোনো লোকে ড্রাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি অবৈধভাৱে দখল কৰি আছে সেয়া উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে বিভাগীয় কর্তৃপক্ষই চালিজাৰি চাই তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব৷ সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত সাংসদ দৈমাৰীয়ে ২০২০ চনত অনুষ্ঠিত হ’ব লগা বিটিচি পৰিষদীয় নির্বাচনৰ জৰিয়তে বিপিএফ দলেই মিত্রদলৰ লগত লগ লাগি পুনৰ বিটিচি দখল কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে৷ ইউটিচি গঠন সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত দৈমাৰীয়ে স্পষ্ট কৰি কয় যে তেনে কোনো পৰিকল্পনাৰ বিষয়ে তেওঁ অৱগত নহয়৷ বিটিএডিৰ লগতে অসমৰ বিভিন্ন প্রান্তত থকা বডো জনগোষ্ঠীয় লোকসকলৰ যি সমস্যা আছে, সেই সমস্যাবোৰ সমাধানৰ প্রচেষ্টা ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে অব্যাহত ৰাখিছে৷ বডোসকলৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্রত জনগোষ্ঠীটোৰ সকলো দল–সংগঠন একত্রিত হোৱাৰ প্রয়োজন৷ আৰু বডোসকলৰ সকলো দল–সংগঠন একত্রিত হ’লেহে বডো জনগোষ্ঠীৰ লোকসকলৰ সমস্যা আলোচনাৰ জৰিয়তে সহজ হৈ পৰিব৷ বিটিচি নির্বাচনত ‘কা’ক লৈ কিবা প্রভাৱ পৰিব নেকি বুলি সোধা এক প্রশ্ণৰ উত্তৰত সাংসদ দৈমাৰীয়ে কয় যে যিহেতু ‘কা’ বিটিএডিৰ আওতাৰ বাহিৰত গতিকে ‘কা’ক লৈ বিটিচি নির্বাচনত কোনো প্রভাৱ নপৰে৷ তেওঁ কয় ৰাজ্যখনক ভাল পাই বা অসমৰ ৰাইজৰ স্বার্থত, দেশৰ স্বার্থত ‘কা’বিৰোধী গণতান্ত্রিক আন্দোলন কৰি আছে, সেয়া তেওঁলোকৰ গণতান্ত্রিক অধিকাৰ৷ তাত আমাৰ ক’বলগীয়া একো নাই৷ আজি সাংসদ দৈমাৰীক সংগ দিয়ে বিটিচিৰ কার্যবাহী সদস্য বিজিত গৌৰা নার্জাৰী, যুৱ বিপিএফৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্রাপ্ত সভাপতি আদিত্য সিংহ, সাধাৰণ সম্পাদক উপেন বসুমতাৰী আদিকে ধৰি কেইবাজনো নেতাই৷