নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ বোধেশ্বৰ গগৈৰ ক’ৰোনা সম্পর্কীয় গ্রন্থ উন্মোচনঃ ‘সু–শৃংখল বৈজ্ঞানিক সভ্যতাৰ প্রসৱ বেদনা মাত্র’

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ  ‘এয়া মানৱ ইতিহাস পৰিৱর্তনৰ এটা সময়৷ অর্থাৎ সু–শৃংখল বৈজ্ঞানিক সভ্যতাৰ প্রসৱ বেদনা মাত্র৷’ ক’ৰোনা ভাইৰাছৰ সন্দর্ভত প্রকাশিত এক গ্রন্থৰ উন্মোচনী অনুষ্ঠানত শুকুৰবাৰে এইদৰে কয় বোকাখাতৰ অৱসৰপ্রাপ্ত চিকিৎসা বিষয়া ডাঃ বোধেশ্বৰ গগৈৰ৷

শুকুৰবাৰে বোকাখাতৰ মহকুমাধিপতিৰ কার্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত এক উন্মোচনী সভাত কিতাপখনৰ সন্দর্ভত তেওঁ কয়– ‘মহাত্রাস ক’ৰোনাৰ বিৰুদ্ধে প্রতিষেধক প্রস্তুত কৰিবৰ বাবে চিকিৎসা বিজ্ঞানত থকা তিনি তৰপীয়া পদ্ধতিৰ আধাৰত পৃথিৱীৰ প্রায় ৭৫খন দেশৰ গৱেষণাগাৰত চলি আছে পৰীক্ষা–নিৰীক্ষা৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সাহায্যত চলি থকা এই পৰীক্ষাত ইতিমধ্যে ব্যৱহূত হৈ থকা প্রতিষেধকবোৰৰ ভিতৰত যক্ষ্মা ৰোগৰ প্রতিষেধক টিকাৰ প্রাসংগিকতা ব্যাপকভাৱে চর্চালৈ আহিছে৷’

উল্লেখ্য যে ক’ভিড –১৯ বা ক’ৰোনা ভাহৰাছৰ সন্দর্ভত ‘ক’ৰোনা’ নামৰ গ্রন্থখনৰ উন্মোচনী অনুষ্ঠানত  বোকাখাতৰ সাংবাদিকসকল উপস্থিত থাকে৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱাই ‘ক’ৰোনা’ নামৰ গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷

উন্মোচনী অনুষ্ঠানত লেখকে কয় যে প্লাজমা টেকন’লজী ব্যৱহাৰ কৰি সংক্রমণ হোৱা লোকক চিকিৎসা দিয়া পদ্ধতিৰ বিষয়েও অধ্যয়ন আৰু গৱেষণা চলি আছে৷ অনতিপলমে এই মহাত্রাসৰ বিৰুদ্ধে মানৱ সভ্যতা জয়ী হোৱাৰ আশাও ব্যক্ত কৰিছে চিকিৎসক–লেখকগৰ্৷ চিকিৎসা বিষয়া হিচাপে অৱসৰ গ্রহণ কৰা ডাঃ গগৈয়ে ইতিপূর্বে কেইবাখনো গ্রন্থ প্রকাশ কৰিছে৷

You might also like