নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ৫জুনঃডিব্ৰুগড়ত আজি এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে হেলিপেড নিৰ্মানৰ বাবে খণ্ডা এক বৃহৎ গাতত পৰি এটি শিশুৰ অকাল মৃত্যু হোৱাৰ বিপৰীতে কথমপি ৰক্ষা পৰে আন এটি শিশু।মৃত্যু হোৱা শিশুটিৰ নাম অনচ দাস বুলি জানিব পৰা গৈছে।আনহাতে দেৱাশীষ শইকীয়া নামৰ আন এটা শিশুক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে।

উল্লেখ্য যে ডিব্ৰুগড়ত কেঞ্চাৰ হস্পিটেলৰ শুভ উদ্বোধন অনুষ্ঠানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ত জিলা প্ৰশাসনে নিৰ্মাণ কৰা এক অস্হায়ী হেলিপেইডৰ পুখুৰীত পৰি আকস্মিকভাবে মৃত্যু হয় কিশোৰটিৰ।অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ হিলৈধাৰীত অস্হায়ী কৈ নিৰ্মাণ কৰা হৈছিল উক্ত হেলিপেইড।হেলিপেইড নিৰ্মাণ কৰিবৰ বাবে খন্দা উন্মুক্ত গাতত পৰি বিতুল দাসৰ পুত্ৰ অনচ দাস(১০)ৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।আনহাতে পল্লব শইকীয়াৰ পুত্ৰ দেৱাশিষ শইকীয়াক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়।মৃত্যু হোৱা শিশুটি ডিব্ৰুগড়ৰ শিশু ভাৰতী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।জানিব পৰা মতে, সন্ধিয়া ভাগত শিশু দুটিয়ে চাইকেল চলাই আছিল।কিন্তু অকস্মাৎ পানীৰে পৰিপূৰ্ণ হৈ থকা হেলিপেইডৰ বাবে খন্দা বৃহৎ পুখুৰীত অসাৱধানবশতঃ সোমাই পৰে।লগে লগে হোৱা-দোৱা লগাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিছিল যদিও এটি শিশুৰ লগে লগে মৃত্যু হয়।উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী ডিব্ৰুগড় কেঞ্চাৰ চিকিৎসা প্ৰতিষ্ঠানৰ উদ্বোধনৰ বাবে আহিছিল।তেতিয়াই গড়কাপ্তনী বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত অস্হায়ীকৈ হিলৈধাৰীত নিৰ্মাণ কৰা হৈছিল হেলিপেইড।য’ত অৱতৰন কৰিছিল প্ৰধানমন্ত্ৰী।কিন্তু হেলিপেইড নিৰ্মাণ সময়ত সমিপত খন্দা বৃহৎ গাত সমুহ পুণৰ পুতি পেলোৱা নাছিল।লগতে কোনো সংকেত চিহ্ন দিয়া নাছিল।যাৰ বাবেই আজি শোকাবহ ঘটনাটো সংঘটিত হবলৈ পালে বুলি সকলোতে ব্যাপক চৰ্চা হৈছে।উক্ত ঘটনাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা লগতে এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়।

 

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like