নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুলু চাহ বাগিচা উচ্ছেদৰ প্ৰতিবাদত সোণাৰি কঁপালে আটছা-আটুৱাই

নিয়মীয়া বাৰ্তা, ১৮ মেঃ অসম চৰকাৰে বিমান বন্দৰ নিৰ্মাণৰ বাবে কাছাৰ জিলাৰ ডুলু চাহ বাগিচাৰ ২,৫০০ বিঘা চাহবাগান উচ্ছেদ কৰাৰ প্ৰতিবাদত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু চাহ জনজাতি মহিলা সমিতি চুমুকৈ আটুৱাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এনে অমানৱীয় আৰু অ গণতান্ত্রিক কাৰ্যৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। অসম চাহ মজদূৰ সংঘৰ সোণাৰি শাখা কাৰ্য্যালয়ৰ পৰা বাহিৰ হোৱা উক্ত প্ৰতিবাদী মিছিল সমগ্র নগৰ পৰিভ্ৰমণ কৰি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

আট্‌ছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সহদেৱ ধনোৱাৰৰ নেতৃত্বত বাহিৰ হোৱা উক্ত প্ৰতিবাদী সমদলত দুয়োটা সংগঠনৰ পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । সমদলত থকা আটছা নেতা ধানোৱাৰে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰি উল্লেখ কৰি কয়— ‘অসম চৰকাৰে বিভিন্ন আন্তগাঁথনি, ৰাষ্ট্ৰীয় ঘাই পথ, ৰে’লপথ, তৈলক্ষেত্র, বিমানবন্দৰ নিৰ্মাণ, আধুনিক নাগৰিকৰণ আদিৰ নামত চাহবাগিচাৰ ম্যাদী ভূমি অধিগ্ৰহণ কৰি চাহবাগিচা উচ্ছেদ আৰু ধ্বংস কৰাৰ লগতে চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ ভাবুকি সৃষ্টি কৰিছে। কাছাৰ জিলাৰ ডুলু চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত আৰক্ষীবাহিনী মোতায়েন কৰি নির্মম অত্যাচাৰ চলাই বাগিচা উচ্ছেদ কৰিছে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এই সংক্ৰান্তত আটছা আৰু আটুৱা চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয় ।
প্ৰেৰক :-দীপাংকৰ পাল

You might also like