নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ বছৰৰ পিছত মুক্তভাৱে খোজ কাঢ়িব পেৰাৰিভালনে, ৰাজীৱ গান্ধীৰ হত্যাত ব্যৱহৃত বোমাৰ বেটাৰী কিনি দিছিল

বিশেষ বাৰ্তা, ১৮ মেঃ ৩১ বছৰ ধৰি কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ অন্যতম দোষী এ জি পেৰাৰিভালনক মুকলি কৰি দিয়া হ’ব বুলি বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিলে। এই ৰায়দানৰ ফলত এই গোচৰৰ আন ছয়জন দোষীক মুকলি কৰি দিয়াৰ পথ প্ৰশস্ত হ’ব পাৰে। তেওঁলোকৰ ভিতৰত আছে নলিনী শ্ৰীহৰণ আৰু তেওঁৰ স্বামী মুৰুগানো। উচ্চতম ন্যায়ালয়ৰ বিশেষ ক্ষমতাৰ আওতাত ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত বিচাৰপীঠে কয় যে, ৰাজ্যিক কেবিনেটে প্ৰাসংগিক বিবেচনাৰ ভিত্তিত নিজৰ সিদ্ধান্ত লৈছে। ১৪২ নং অনুচ্ছেদৰ প্ৰয়োগ কৰি দোষীক মুকলি কৰি দিয়া হ’ব। পেৰাৰিভালানৰ বিৰুদ্ধে ৯ ভল্টৰ বেটাৰী দুটা ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১৯৯১ চনত ৰাজীৱ গান্ধীক হত্যা কৰিবলৈ বোমাটোত ব্যৱহাৰ কৰা হৈছিল বেটাৰী। ১৯৯৮ চনত সন্ত্ৰাসবাদ বিৰোধী আদালতে পেৰাৰিভালানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। পিছৰ বছৰ উচ্চতম ন্যায়ালয়ে এই শাস্তি বাতিল কৰিছিল যদিও ২০১৪ চনত যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰিছিল। এই বছৰৰ মাৰ্চত শীৰ্ষ আদালতে তেওঁক জামিন প্ৰদান কৰিছিল।

You might also like