ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান; ২ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ নগাঁৱৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ হয়বৰগাও আৰক্ষী চকীৰ এলেকাধীন অঞ্চলত আৰক্ষীয়ে ইতিমধ্যে বৃহৎ পৰিষৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু কেইজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই অভিযানৰ অংশ হিচাপে যোৱা নিশা প্ৰায় ১০ বজাত নগাঁও সদৰ থানাৰ মাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী আৰু হয়বৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে এক গোপন সুত্ৰৰ পম খেদি ইটাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত ছোটৰৌমাৰীৰ মেৰাজুল হকৰ ঘৰত অভিযান চলাই ।
অভিযানৰ সময়ত আৰক্ষীয়ে মেৰাজুলৰ ঘৰৰ পৰা বুজন পৰিমানৰ কণ্টেনাৰ ভৰ্ত্তি হিৰইন জব্দ কৰাৰ লগতে মেৰাজুলক (৩০) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযানৰ সময়ত ছাদিকুল ইছলাম (২৮) নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ছাদিকুৰৰ ঘৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জুকাতি বজাৰত। উল্লেখ যে এই দুইজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘ দিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যবসায় চলাই আহিছিল।