নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ অমলেন্দু চক্রৱর্তীক মথুৰা দাস বুঢ়া আতা বঁটা প্রদান

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ধর্ম–দর্শন–সাহিত্য্ সংস্কৃতিৰ গৱেষক, পণ্ডিত হোজাইৰ ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমলেন্দু চক্রৱর্তীক শনিবাৰে বৰপেটাত ‘শ্রীশ্রীমথুৰা দাস বুঢ়া আতা বঁটা’ প্রদান কৰা হয়৷

এই বঁটা প্রদান কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়ে৷ উল্লেখ্য যে মহাপুৰুষ শ্রীমন্ত শংকৰ–মাধৱদেৱ দুজনা গুৰুৰ ধর্মীয় আদর্শ, আধ্যাত্মিক দর্শন, সমাজ–সংস্কৃতিলৈ প্রভুত অৰিহণা যোগোৱা আৰু ব্যৱহাৰিক জীৱনচর্যাৰে মহাপুৰুষীয়া ধর্ম, কলা–সংস্কৃতিৰ প্রচাৰ–প্রসাৰেৰে এখন শ্রেণী–বর্ণবৈষম্যহী সমাজ গঠনত বিশিষ্ট অৰিহণা থকা ব্যক্তিত্বক শ্রদ্ধার্ঘ্য আগবঢ়োৱাৰ প্রয়াসেৰে বৰপেটা সত্রৰ পৃষ্ঠপোষকতাত গঠিত বৰপেটা সত্রৰ শাখা সত্র সমাজ অসমে ২০১৩ বর্ষৰ পৰা প্রতি দুবছৰৰ অন্তৰে অন্তৰে শ্রীশ্রীমথুৰা দাস বুঢ়া আতা বঁটা আৰু সত্রভূষণ উপাধি প্রদান কৰি আহিছে৷

এই বঁটাৰ লগত প্রশস্তি–পত্র, শৰাই, স্মাৰক, অংগবস্ত্র, গামোচা আৰু নগদ পোন্ধৰ হাজাৰ টকা আগবঢ়োৱা হয়৷ আনহাতে, এই অনুষ্ঠানতে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মাধপুৰৰ চেকুৰীয়া গাঁৱৰ একশৰণ হৰিনাম ধর্মৰ একনিষ্ঠ সাধক–প্রচাৰক তথা বিশিষ্ট সত্র সংগঠক বেণুধৰ কছাৰীক ‘সত্রভূষণ’ উপাধি প্রদান কৰা হয়৷ এই উপাধিৰ লগতে তেওঁক প্রশস্তি–পত্র, ভাগৱত শাস্ত্র, সত্রীয়া পাগুৰী, অংগবস্ত্র, গামোচা আৰু নগদ এঘাৰ হাজাৰ টকা প্রদান কৰা হয়৷

 

You might also like