ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত আমিনগাঁও–উত্তৰ গুৱাহাটীত সাহায্য বিতৰণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ দীঘলীয়া লকডাউনৰ ফলত সৃষ্টি হোৱা খাদ্যসংকটৰ প্রতি লক্ষ্য কৰি উত্তৰ গুৱাহাটী–আমিনগাঁও অঞ্চলৰ প্রায় ৮০০টা দৰিদ্র পৰিয়াললৈ খাদ্যসামগ্রী যোগান ধৰিছে জালুবাৰীৰ বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ ক’ভিড–১৯ৰ বিৰুদ্ধে অসমত বিৰামহীনভাৱে যুঁজ দিও সমষ্টিৰ দুখীয়া–নিছলা লোকৰ প্রতি দায়িত্ব পালন কৰি গৈছে৷ কিছুদিনৰ পৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নিজা তৎপৰতাত ৮০ নং লাচিতগড় পঞ্চায়ত এলেকাৰ প্রায় ৫ হাজাৰ পৰিয়াল আৰু উত্তৰ গুৱাহাটীৰ প্রায় তিনি হাজাৰ দুখীয়া পৰিয়ালক অত্যাৱশ্যকীয় চাউল, দাইল, আটা, আলু, পিঁয়াজ, নিমখ, মিঠাতেল, বিস্কুট আদি যোগান ধৰা হয়৷ মন্ত্রীগৰাকীৰ উদ্যোগত যোগান ধৰা খাদ্যসামগ্রীসমূহ কালি ১০ দিন ধৰি তেওঁৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচার্যৰ তৎপৰতাত বিজেপিৰ কর্মীয়ে দুর্গত লোকসকলৰ ঘৰে ঘৰে গৈ বিতৰণ কৰে৷
বুধবাৰেও আমিনগাঁৱৰ ষ্টেচন কলনী, ২৬নং কলনী, নিউ কলনী, হঠাৎ কলনী, ইনষ্টিটিউট কলনী, আই চি ডি কলনী আদি অঞ্চলৰ প্রায় এহাজাৰ পৰিয়ালৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰে৷ খাদ্যসামগ্রী বিতৰণত আগভাগ লোৱা ৰঞ্জিত ভট্টাচার্যক সহায় কৰে লাচিতগড় পঞ্চায়তৰ সভাপতি প্রদীপ দাস, আঞ্চলিক সদস্যা তৰালি দাস, বিজেপি দলৰ স্থানীয় কর্মী দোমা শ্বাহ, দয়াল বর্মন, মিংকি বর্মন, গোপাল তিৱাৰী, অজিত শইকীয়া আৰু অন্যান্য দলীয় কর্মীসকলে৷ লকডাউনৰ কাৰণে বিপদগ্রস্ত হৈ পৰা আমিনগাঁৱত আবদ্ধ হৈ থকা বিভিন্ন উদ্যোগ ক্ষেত্রত কাম কৰি ভাৰাতীয়া হিচাপে থকা কর্মীসকলৰ বাবেও অতি সোনকালে খাদ্যসামগ্রী যোগান ধৰা হ’ব বুলি সদৰী কৰে মন্ত্রীগৰাকীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচার্যই৷