ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টাত ক্রীড়াৰ দ্বিতীয় ৰাজধানী হ’ব বস্ত্রনগৰী
শুৱালকুছি কলেজত ক্রীড়াংগনৰ শিলান্যাস উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ গুৱাহাটীৰ পিছতেই শুৱালকুছি হ’ব অসমৰ ক্রীডাৰ দ্বিতীয় ৰাজধানী৷ স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচেষ্টাই ইয়াক সম্ভৱ কৰি তুলিব৷ কিয়নো শুৱালকুছিত কেইবাকোটি টকা ব্যয়সাপেক্ষে বহুমুখী ক্রীডা প্রকল্প নামেৰে এখন বৃহৎ ক্রীড়াৰ আঁচনি ৰূপায়ণৰ কাম ক্ষিপ্রতাৰে চলি আছে৷ আকৌ শুৱালকুছি মহাবিদ্যালয়ত এখন পূর্ণাংগ পর্যায়ৰ ফুটবল খেলপথাৰৰ নির্মাণৰ কাম আৰম্ভ কৰাটোত শুৱালকুছিত এক বিশেষ ক্রীডাৰ পৰিৱেশ সৃষ্টি কৰাটো নিশ্চিত এই মন্তব্য কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ৷
মুখ্যমন্ত্রীৰ ক্রীড়া উন্নয়ন আঁচনিৰ অধীনত ৰাজ্যৰ ক্রীড় বিভাগৰ ২০ লাখ টকাৰ অর্থ সাহায্যত শুৱালকুছি মহাবিদ্যালয়ৰ ক্রীডাংগনৰ আধাৰশিলা স্থাপন কৰি উপায়ুক্তগৰাকীয়ে এই খেলপথাৰসমূহ নির্মাণ হৈ উঠিলে শুৱালকুছি আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলৰ খেলুৱৈসকলে সকলো সুবিধা লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ ক্রীড়াৰ ক্ষেত্রত এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি দোহাৰে৷ ভাষণত তেওঁ শুৱালকুছিৰ উন্নয়নৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা প্রচেষ্টাক আদৰণি জনায় আৰু তেওঁ এগৰাকী শুৱালকুছিৰ ব্যক্তি হিচাপে গৌৰৱবোধ কৰে বুলি উল্লেখ কৰে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপেশ চন্দ্র ভাগৱতীয়ে আদৰণী ভাষণত খেলপথাৰখন সম্পূর্ণ হৈ উঠিলে মহাবিদ্যালয়খনৰ দীর্ঘদিনীয়া অভাৱ এটা পূৰণ হ’ব বুলি উল্লেখ কৰি এইক্ষেত্রত চৰকাৰৰ লগতে স্থানীয় ৰাইজৰ তেওঁ পূর্ণ সহযোগ বিচাৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি কামৰূপৰ জিলা ক্রীড়া বিষয়া সাৰথে তেৰাঙে ক্রীডাংগনৰ আঁচনিখন সন্দর্ভত উপস্থিত ৰাইজৰ আগত বিস্তৃতভাৱে উল্লেখ কৰে৷ অসমৰ মুখ্যমন্ত্রীৰ ক্রীড়া উন্নয়ন আঁচনিৰ অধীনত ৰাজ্যৰ পাঁচ শতাধিকৰ ওপৰ এনে ক্রীড়াংগনৰ কাম চলি থকাৰ কথা উল্লেখ কৰি বিশেষকৈ গ্রামাঞ্চলৰ ক্রীডাত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰা বুলি তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত মহকুমা ক্রীডা বিষয়া লিণ্টুৰাজ বসুমতাৰী, শুৱালকুছি ক্রীড়া সন্থাৰ সভাপতি ডাঃ কার্তিক চন্দ্র মেধি প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অতুল চন্দ্র দাসে ৷