নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত বীৰাঙ্গনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপন; সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢকুৱাখনাতো আজি দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীৰ আজি ৪৯৮ সংখ্যক স্মৃতি দিৱস পালন কৰা হয়।ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলন,জিলা চুতীয়া যুৱ সন্মিলন,মহকুমা চুতীয়া ছাত্র সন্থা,জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত আৰু ঢকুৱাখনা সদৰ আঞ্চলিকৰ আতিথ্যত ম’হঘূলি চাপৰিৰ সাধনী ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা সাধনী দিৱসৰ পুৱাৰ কাৰ্যসুচীত বৃক্ষৰোপন , চুতীয়া জাতীয় ধ্বজা উত্তোলন , স্মৃতি তৰ্পন , সতী সাধনীৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন , দেওকুবেৰ শলিতা লগোৱা সকাম কাৰ্যসুচী সম্পন্ন হয় ৷সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনাৰে অনুষ্ঠিত হয় প্ৰাৰ্থানাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো। দুপৰীয়া ভাগত সাধনী ভৱনৰ চৌহদত স্থাপন কৰা বীৰাঙ্গনা ৰাণী সতী সাধনীৰ ৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।এই দিৱসৰ লগত সংগতি সাধনীৰ বন্দনা আৰু চুতীয়া বিহু প্ৰদৰ্শন কৰা হয়।ইয়াৰ পিছতেই ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি গন্ধেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।

ঢকুৱাখনাৰ মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই উদ্বোধন কৰা মুকলি সভাত অংশগ্ৰহণ কৰি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ভাষণত কয়-বীৰাঙ্গনা সতী সাধনী হৈছে এনে এগৰাকী মহিয়সী নাৰী যিগৰাকী কেৱল নাৰী জাতিৰ বাবেই নহয়,সমগ্ৰ সমাজৰ বাবেই সাহস আৰু প্ৰেৰণাৰ এক মূৰ্তমান প্ৰতীক।সতী সাধনীৰ জীৱন হৈছে নিঃস্বাৰ্থ দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন।চুতীয়া ৰাজ্যৰ ৰাণী বীৰাঙ্গনা সতী সাধনীৰ দেশপ্ৰেম আৰু মহত্বৰ কথা ইতিহাসৰ পাতত যুগমীয়া হৈ থাকিব।মুকলি সভাত লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই নির্দিষ্ট বক্তাৰ ভাষণত প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যি কে’জন অসমীয়া বীৰাঙ্গনা নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত অন্যতম বীৰাঙ্গনা সতী সাধনী বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে-‘তেখেতৰ আত্মমৰ্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব।’ সভাখনত সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া, প্ৰাক্তন সাংগঠনিক সম্পাদক বগামল চুতীয়া,সম্পাদক চিত্ৰৰঞ্জন দাসকে আদি কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

প্রেৰক- পুলকজ্যোতি বৰা

You might also like