নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া  অঞ্চলত প্ৰায় ৬ বিঘা চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা গাঞ্জা খেতিত চলিল প্ৰশাসনৰ এক্সকেভেটৰ

 

নিয়মীয়া বাৰ্তা, ১ মে: ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত  ব্ৰহ্মপুত্ৰৰ নদীপৰীয়া অঞ্চলত  প্ৰায় ৬ বিঘা চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা গাঞ্জা খেতিত চলিল প্ৰশাসনৰ এক্সকেভেটৰ । ঢকুৱাখনা আৰক্ষী চকীৰ অন্তৰ্গত এন চি আলিমুৰ পাতিৰ চৰচাপৰি অঞ্চলৰ উক্ত চৰকাৰী ভূমিত কোনো অজ্ঞাত লোকে কৰিছে নিষিদ্ধ খেতি । এই বিশাল ভাং খেতিত দেওবাৰে আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ  পিছতে আজি পুনৰ অৱশিষ্ট খেতিত  পুৱা গৈ উপস্থিত হয় মহকুমা আৰক্ষী বিষয়া  সৌমেন্দ্য শুক্লবৈদ্য, কাৰ্যবাহী দণ্ডাধীশ মানৱ জ্যোতি দাস, সদৰ থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধি , উপ পৰিদর্শক সিদ্ধাৰ্থ নাথ আৰু অন্যান্য আৰক্ষীৰ দল ।দলটোৱে সমগ্ৰ ৬ বিঘা মাটিকালিত অজ্ঞাত ব্যক্তিয়ে কৰা এই বিশাল নিষিদ্ধ খেতিত এক্সকেভেটৰ চলাই নষ্ট কৰি এই  বিশাল নিচাযুক্ত সামগ্ৰীৰ চোৰাং  ভাং খেতি উচ্ছেদ অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে । আনহাতে স্থানীয় এক সূত্ৰই এই ভাং খেতি স্বতঃস্ফূৰ্তভাবে হোৱা বুলি দাবী কৰিলেও বাস্তৱিকতে এয়া কোনো সমাজবিৰোধী চক্ৰই সংগোপনে কৰা পৰিকল্পিত খেতি বুলিও ধাৰণা কৰি  এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । তদন্তৰ শেষতহে খেতিৰ গৰাকী সন্দৰ্ভত প্ৰকৃত তথ্য উদঘাটন হব।

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like