নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত শ্বোৱাইন ফিভাৰঃ ১৮টাকৈ গাহৰি নিধন  কৰিলে পশু পালন বিভাগে

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ-ৰাজ্যত অব্যাহত শ্বোৱাইন ফিভাৰৰ সংহাৰী ৰূপ! ইখন জিলাৰ পৰা সিখন জিলালৈ বিয়পিছে শ্বোৱাইন ফিভাৰ। ঢকুৱাখনাৰ মাতমৰা পঞ্চায়তত অতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়া শ্বোৱাইন ফিভাৰে। ঢকুৱাখনাৰ মাতমৰা পঞ্চায়তৰ বাঁহপৰা গাঁৱত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ ৯ টা গাহৰিৰ মৃত্যু ঘটাৰ পিছত পশুপালন বিভাগে পৰীক্ষা কৰি ধৰা পেলাইছিল আফ্ৰিকান শ্বোৱাইন ফিভাৰৰ উপস্থিতি।ফলত আন অঞ্চল সমূহলৈ যাতে এই ভাইৰাছ সংক্ৰমিত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ লগতে পশু চিকিৎসা বিভাগ । আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে আজি অঞ্চলটোত  দণ্ডাধীশৰ উপস্থিতিত আফ্ৰিকান শ্বোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰি ১৮টাকৈ গাহৰি নিধন কৰে ।লখিমপুৰ জিলাৰ পশুপালন বিষয়া ডাঃ ছত্ৰপতি গয়াৰী,ডাঃ চন্দন গগৈ আৰু ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ  চিকিৎসক ডাঃ ৰূপম গগৈ, ঘিলামৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ  চিকিৎসক ডাঃ হিৰণ্য চুতীয়া আৰু ডাঃ মানবেন্দ্ৰ গগৈয়ে জিলা পশু চিকিৎসা বিভাগৰ সহযোগত অঞ্চলটোত অভিযান চলাই ১৮টা গাহৰিক বিদ্যুৎ শ্বক দি নিধন কৰে।গাহৰিৰ ওজনৰ ওপৰত ভিত্তি কৰি গাহৰি পালক সকলক ২০০০-১৫০০০ হেজাৰ টকা ক্ষতিপূৰণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে জিলা পশুপালন বিষয়া ডাঃ ছত্ৰপতি গয়াৰীয়ে।
ইফালে এই ৰোগে ভয়ংকৰ ভাৱে মহকুমাটো চানি ধৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা মহকুমা প্ৰশাসনে কেতবোৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ঢকুৱাখনাৰ মহকুমাধিপতি তথা মহকুমা কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই এক নিৰ্দেশযোগে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ।এই নিষেধাজ্ঞা অনুসৰি আক্ৰান্ত গাহৰি থকা আৰু চোৱাচিতা কৰা স্থানৰ পৰা যিকোনো গাহৰি আৰু ব্যৱহৃত যন্ত্ৰপাতি সৰবৰাহ কৰা, গাহৰিৰ মাংস আৰু গাহৰি মাংসৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীৰ বিক্ৰী বন্ধ কৰা, যিকোনো মুক্ত অঞ্চল , কৃষি ভূমি , নদী ,জলাশয় আৰু ৰাজহুৱা স্থানত আদিত  ৰোগাক্ৰান্ত মৃত গাহৰিৰ  পেলোৱা নিষিদ্ধ আৰু গাহৰি মৰিলে পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু মৃত গাহৰিৰ শৰীৰটো জৈৱ সুৰক্ষা পদ্ধতিৰে দকৈ গাঁত খান্দি পুতি পেলাব লাগিব ।তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।
You might also like