নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ এজন যুৱকৰ মহানুভৱতাঃ শ্ৰমিক দিৱসৰ দিনটোত অৰ্ধশতাধিক শ্ৰমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি

নিয়মীয়া বাৰ্তা, ১ মেঃ আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস।বিশ্বৰ সমূহ শ্ৰমিক সকললৈ সন্মান জ্ঞাপনৰ উদ্দেশ্যে পালন কৰা শ্ৰমিক দিৱসৰ দিনটোতে অৰ্ধশতাধিক শ্ৰমিকক বিনামূলীয়াকৈ দাড়ি-চুলি কাটি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে ঢকুৱাখনাৰ এজন যুৱকে।চেলুন ব্যৱসায়ৰে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰা ঢকুৱাখনা নগৰৰ ‘মডাৰ্ণ চেলুন’ ৰ স্বত্বাধিকাৰী কৰ্মোদ্যমী যুৱক পাপু দত্তই আজি শ্ৰমিক দিৱসৰ উপলক্ষে গ্ৰহণ কৰে এক ব্যতিক্ৰমী প্রদক্ষেপ। ঢকুৱাখনা নগৰৰ চেতীয়া মাৰ্কেটত অৱস্থিত চেলুনখনত অৰ্ধশতাধিক শ্ৰমিকক বিনামূলীয়াকৈ দাড়ি-চুলি কাটি এক অনন্য তথা মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। চেলুনখনৰ স্বত্বাধিকাৰ পাপু দত্তই নিজকে এগৰাকী শ্ৰমিক বুলি মন্তব্য কৰি কয়, ‘মোৰ ওচৰত আনন্দ প্ৰকাশৰ এইটোৱেই পথ আছিল। মই আজি শ্ৰমিকসকলক বিনামূলীয়াকৈ দাঢ়ি-চুলি কটাৰ সিদ্ধান্ত লৈছো।’ উল্লেখ্য যে, দেওবাৰৰ দিনটোত ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ বহু শ্রমিকে বিনামূলীয়াকৈ দাঢ়ি-চুলি কটোৱাৰ বাবে পুৱাৰ পৰাই ভিৰ কৰা দেখা যায় চেলুনখনৰ বাহিৰত। উদ্যমী যুৱকজনে প্ৰকাশ কৰা মতে, চেলুনখনত একে সময়ত ৪ জন লোকৰ দাঢ়ি, চুলি কটাৰ ব্যৱস্থা কৰা হৈছে।শ্ৰমিকসকলেও পাপু দত্তৰ এই কাৰ্যক প্ৰশংসা কৰিছে। তেওঁলোকে পাপু দত্তৰ এই পদক্ষেপে সমাজত এক বাৰ্তা প্ৰেৰণ কৰা বুলি কয়।

প্ৰেৰকঃ ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা

You might also like