ঢালিগাঁও থানাৰ অ’চিৰ মহানুভৱতা, ১০৮ মৃত্যুঞ্জয় চালকৰ সৈতে পিপিই কিট পৰিধান কৰি নিশা জীৱন ৰক্ষা ৰোগীৰ
ঢালিগাঁও থানাৰ অ’চিৰ মহানুভৱতা, ১০৮ মৃত্যুঞ্জয় চালকৰ সৈতে পিপিই কিট পৰিধান কৰি নিশা জীৱন ৰক্ষা ৰোগী।
নিয়মীয়া বাৰ্তা, ২৩ মে’: ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ মানৱ সেৱাৰ প্ৰতি থকা মহানুভৱতাত বৃহত্তৰ ঢালিগাঁও অঞ্চলৰ ৰাইজে প্ৰসংশা কৰিছে। জিলা খনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক জনেও পৰিদৰ্শক অ’ চি প্ৰসেনজিত দাসক উচ্চ প্ৰসংশা কৰিছে আৰু আনকো দাসৰ দৰে মানুহৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জনাইছে। জিলা আৰক্ষী অধীক্ষকে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে যোৱা নিশা প্ৰায় ৮:৩০ বজাত এজন ব্যক্তিয়ে নিজৰ মোবাইল ফোনৰ জৰিয়তে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত ফোন কৰি তেওঁ অসুস্থ হৈ পৰা বুলি জনায়। ব্যক্তি জনে লগতে শ্বাস প্ৰশ্বাসত যথেষ্ট কষ্ট হোৱা বুলিও জনায়। খবৰ পোৱা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে ছাতিপুৰগাঁৱৰ এল পি জি গেটস্থিত লোক জনৰ বসগৃহৰ সন্মুখত উপস্থিত হৈ চৌহদত প্ৰৱেশৰ চেষ্টা কৰে যদিও জপনাত তলা বন্ধ দেখে। ইতিমধ্যে আৰক্ষী বিষয়া জনৰ খবৰৰ ভিত্তিত অসুস্থ লোকজনৰ পদূলিত ১০৮ এম্বুলেঞ্চ আহি উপস্থিত হয়। আৰক্ষীয়ে জপনাত লাগি থকা তলা ভাঙি চৌহদত প্ৰৱেশ কৰে। ১০৮ এম্বুলেঞ্চ খনত পিপিই কিট পৰিধান কৰা একমাত্ৰ চালক জনক ৰোগীক তুলি ধৰিবলৈ অন্য চিকিৎসা কৰ্মী নথকাত সময় নষ্ট নকৰি আৰক্ষী বিষয়া প্ৰসেনজিত দাসে নিজেই এম্বুলেঞ্চ খনত মজুত ৰখা এটি পিপিই কিট পিন্ধি ঘৰটোত প্ৰৱেশ কৰে। অৰ্ধচেতন অৱস্থাত বিচনাত পৰি থকা ৰোগী জনক ৯ বজাৰ পূৰ্বে ততাতৈয়াকৈ এম্বুলেঞ্চত তুলি আৰক্ষী বিষয়া দাসে চালকৰ সৈতে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ৰোগী জনক ভৰ্তি কৰে। চিকিৎসকে অতি কম মাত্ৰাত অক্সিজেন লৈ অৰ্ধচেতন অৱস্থাত জীয়াই থকা ৰোগী জনক অক্সিজেন দিয়াৰ ব্যৱস্থা কৰে। অতি শংকত জনক অৱস্থাত অকলশৰে বিচনাত পৰি থকা ছাদ্দাম হুছেইনক (পিতৃ- প্ৰয়াত ছামাদ আলী) উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা কাৰ্যক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।