নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেঁকীয়াপতীয়া বাঘৰ গাত চার্জ লাইট মাৰি ভিডিঅ’ প্রচাৰ; কাজিৰঙাৰ সঞ্চালকৰ পত্নীৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ পত্নী সত্যপ্রিয়া শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অটব্য অৰণ্যৰ ভিতৰত বিভাগীয় কর্মী আৰু সংগীৰ সৈতে প্রৱেশ কৰি নৈশ ছাফাৰী কৰাৰ লগতে ঢেঁকীয়াপতীয়া বাঘৰ ওপৰত চার্জ লাইট মাৰি ঢেঁকীয়াপতীয়া বাঘৰ ভিডিঅ’ চিত্রগ্রহণ কৰে৷ সঞ্চালকৰ পত্নী সত্যপ্রিয়া শিৱকুমাৰে ইমানতে ক্ষান্ত নাথাকি ঢেঁকীয়াপতীয়া বাঘৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰিছিল৷ এই ঘটনাটো সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ পিছত কালি বন্যপ্রাণী আইন ভংগ কৰাৰ অভিযোগত সত্যপ্রিয়াৰ লগতে উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ বিৰুদ্ধে বোকাখাতস্থ জিপাল কৃষক শ্রমিক সংঘ নামৰ সংগঠনটোৰ সদস্য সোণেশ্বৰ নৰহ, প্রণৱ দলে, প্রবীণ পেগু আৰু সত্যজিৎ দলেই কঁহৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷

এজাহাৰত উল্লেখ কৰা মতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ পত্নী সত্যপ্রিয়া শিৱকুমাৰে ২২ ফেব্রুৱাৰীত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত উদ্যান ভ্রমণ কৰাৰ উদ্দেশ্যে সংগীৰ সৈতে প্রৱেশ কৰিছিল৷ বন আইন ভংগ কৰি ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত নাইট ছাফাৰী কৰাৰ লগতে ঢেঁকীয়াপতীয়া বাঘৰ ওপৰত চার্র্জ লাইট মাৰি ভিডি’ গ্রাফিক কৰি অপৰাধ কৰিছে৷ সঞ্চালকৰ পত্নীক এই কার্যত বন বিভাগৰ লোকে সহযোগিতা কৰি আন এক আইন ভংগ কৰাত সহযোগ কৰাৰো অভিযোগ উত্থাপন কৰিছে জীপাল কৃষক শ্রমিক সংঘই ৷ উল্লেখ্য বন বিভাগৰ লোকে ৰাষ্ট্রীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকক ৰাষ্ট্রীয় উদ্যানৰ পৰা সাধাৰণ ঘাহ, বন, পাচলি আদি অনাত বাধা দিয়াৰ লগতে বল প্রয়োগ কৰি উচ্ছেদ কৰাত ক্ষান্ত নাথাকি সাধাৰণ লোকক চোৰাং চিকাৰী বুলি অত্যাচাৰ কৰি থকা অৱস্থাত এতিয়া খোদ ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালকৰ পত্নী সত্যপ্রিয়া শিৱকুমাৰে আইন ভংগ কৰাত কি ব্যৱস্থা ল’ব বুলি উক্ত সংগঠনে প্রশ্ণ উত্থাপন কৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালকৰ পত্নী সত্যপ্রিয়া শিৱকুমাৰ, ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে এই ঘটনাৰ সৈতে জডিত থকা বন বিষয়া–কর্মীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আজি জীপাল কৃষক শ্রমিক সংঘৰ সদস্যই কঁহৰা আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছত বোকাখাত থানাৰ ভাৰপ্রাপ্ত বিষয়া দিব্যজ্যোতি দত্তই এটা গোচৰ পঞ্জীয়ন কৰিব বুলি এই সংবাদদাতাক জানিব দিয়ে৷ আনহাতে জীপাল কৃষক শ্রমিক সংঘৰ সদস্যই আৰক্ষীক এজাহাৰ দাখিল কৰাৰ লগতে কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী তথা ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণৰ অধ্যক্ষ প্রকাশ জাভড়েকাৰ, ৰাজ্যখনৰ মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) ডি পি বাংকোৱাল আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক প্রতিলিপি প্রেৰণ কৰিছে৷

You might also like