তিতাবৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অসমীয়া জাতিৰ হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী । তিতাবৰৰ শিলিখাবাৰী গ্ৰাণ্ট গাঁৱতো ভোগালীক উলহমালহৰে উদযাপনৰ বাবে গাঁওবাসীয়ে পূৰ্ণদ্যমে প্ৰস্তুতি চলাইছে ।

গাঁওখনত এতিয়া স্থানীয় প্ৰায় সাতখন গাঁৱৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ ভোগালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে । গাঁওখনৰ কোনোবাই যদি ইতিহাস প্ৰসিদ্ধ উৰালত পিঠাগুৰি খুন্দিছে, আন কোনোবাই আখলত পিঠাপনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে ।