নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় বড়ো চুক্তিত যদি একোৱেই নাই, তেন্তে হাগ্রামাই স্বাক্ষৰ কৰিলে কিয়?

বিটিচিপ্রধানক তুলাধুনা গোবিন্দ বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে সভাই–সমিতিয়ে গাই ফুৰিছে যে তৃতীয় বডো শান্তি চুক্তিত একোৱেই নাই৷ যদি চুক্তিত বড়ো জাতি তথা অঞ্চলবাসী ৰাইজৰ বাবে একোৱেই নাই তেন্তে তেওঁ কিয় স্বাক্ষৰ কৰিলে সেই শান্তি চুক্তিত? নে তেওঁ চুক্তিখন নপঢ়াকৈয়ে স্বাক্ষৰ কৰিছে৷ বিটিচিপ্রধান তথা বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক এই প্রশ্ণ এনডিএফবি (প্রগতিশীল)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ৷ আজি ওদালগুৰি জিলাৰ গৰৈমাৰীত এখন বিশাল ৰাজহুৱা সভা সম্বোধন কৰি দিয়া ভাষণত নতুন বডো শান্তি চুক্তিক লৈ তুচ্ছ–তাচ্ছিল্য কৰা বিটিচিপ্রধান হাগ্রামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় হাগ্রামা মহিলাৰীয়ে যদি চুক্তিখন নোচোৱাকৈয়ে স্বাক্ষৰ কৰিছে তেন্তে তেওঁৰ দৰে মুর্খ আৰু দ্বিতীয়জন হ’ব নোৱাৰে আৰু তেনেলোকৰ হাতত পোন্ধৰবছৰ বিটিচিৰ শাসন থকাটো অঞ্চলটোৰ বাবে দুর্ভাগ্যজনক৷ তেওঁ লগতে কয়– আমি পৃথকবড়ো ৰাজ্য গঠনৰ দাবীৰে আন্দোলন কৰিছিলো৷ অঞ্চলৰ সকলো শ্রেণীৰ ৰাইজে আন্দোলনত সহযোগ কৰাৰ বাবেই পৃথক ৰাজ্য গঠন নহ’লেও অঞ্চলটোৰ সর্বাংগীণ উন্নতিৰ বাবে প্রয়োজনীয় সকলো কথা সামৰি যোৱা ২৭ জানুৱাৰী তাৰিখে কেন্দ্র চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ মাজত বিটিআৰ চুক্তি স্বাক্ষৰিত হ’ল৷ এই চুক্তিত যিখিনি কথা উল্লেখ আছে সেয়া হাগ্রামা মহিলাৰীয়ে একেলগে পঞ্চাশ বছৰ বিটিচিত শাসন কৰিলেও সেইখিনি উপলব্ধি আৰু উন্নয়ন আনিব নোৱাৰিলে হয়৷

You might also like