নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ তেজপুৰৰ কেতেকীবাৰীত দুটা SBIৰ ATM ভাঙি চোৰে নিলে ২২ লক্ষাধিক টকা। কেতেকীবাৰীৰ চণ্ডীৰাম বৰা পথৰ কাষতেই থকা ATM ভাঙি দুদিন পূৰ্বেই চোৰে নিয়ে টকাখিনি। আনহাতে দুদিনৰ পিছতহে SBI কৰ্তৃপক্ষই গম পালে ধন লুটৰ ঘটনা।
বেংকৰ ছাৰ্টাৰ বন্ধ হৈ থকাৰ বাবে গুৰুত্ব দিয়া নাছিল বেংক কৰ্তৃপক্ষই। আনহাতে ATMৰ CCTV কেমেৰাত ডকাইতে বগা ৰং সানি লুটি নিয়ে ধনখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বেংকৰ কোনো লোক জড়িত থকাৰ সন্দেহ কৰিছে।