নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত আজমলৰে বৈঠকত বহিছিল শ্বাৰ্জিল

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ মাৰাথন জেৰাত এটাৰ পাছত আন এটাকৈ বিস্ফোৰক তথ্য সদৰী কৰিছে ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) গৱেষক ছাত্র শ্বার্জিল ইমামে৷ দেশ বিভাজনৰ প্রৰোচনামূলক মন্তব্য কৰি দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰা শ্বার্জিল ইমামে অসমৰ মুছলমানসকলৰ প্রসংগত দিল্লীত এখন গোপন বৈঠকত মিলিত হৈছিল৷ বিশেষকৈ এন আৰ চি আৰু ‘কা’ আহিলে ‘অসমৰ মুছলমানসকলৰ কি হ’ব’, তাকে লৈ বৈঠকত আলোচনা কৰা হৈছিল৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, এই বৈঠকত অসমৰ ধুবুৰী সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, কেইবাজনো বিধায়ক আৰু অধিবক্তা উপস্থিত আছিল৷ গোপন বৈঠকখনত বিশেষকৈ এন আৰ চি আৰু ‘কা’ বলৱৎ হ’লে অসমৰ মুছলমানসকলে কি সমস্যাৰ সন্মুখীন হ’ব আৰু সেই সমস্যাৰ সমাধান সূত্র কি হ’ব, সেই বিষয়ে আলোচনা কৰা হৈছিল৷ আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি প্রদান কৰে শ্বার্জিল ইমামে৷ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে সূত্রটোৱে জনোৱা মতে, যোৱা বর্ষৰ নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত দিল্লীত গোপন বৈঠকখন অনুষ্ঠিত হৈছিল৷ বৈঠকত উপস্থিত থকা সাংসদ বদৰুদ্দিন আজমলৰ বাহিৰে বিধায়ক আৰু অধিবক্তাকেইজনক শ্বার্জিল ইমামে চিনি নাপায় বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে৷ ‘কা’ৰ বিৰোধিতা কৰাই গোপন বৈঠকখনৰ মূল উদ্দেশ্য আছিল বুলিও আৰক্ষীৰ জেৰাত শ্বার্জিলে স্বীকাৰোক্তি দিছে৷

উল্লেখ্য যে দেশদ্রোহিতাৰ গোচৰত অভিযুক্ত শ্বার্জিল ইমামে চৰম প্রৰোচনামূলক মন্তব্য কৰি কৈছিল– এন আৰ চি আৰু ‘কা’ৰ জৰিয়তে অসমৰ মুছলমানসকলক হাৰাশাস্তি কৰা হৈছে৷ গতিকে দেশৰ সৈতে অসমৰ ৰে’ল যোগাযোগকে ধৰি সকলো সম্পর্ক কর্তন কৰিব লাগে৷ ‘কা’বিৰোধী আন্দোলনক নেতৃত্ব দিয়া জে এন ইউৰ ছাত্র শ্বার্জিলে ভাৰতৰ পৰা অসমক খণ্ডিত কৰিব লাগে বুলিও মত ব্যক্ত কৰিছিল৷ দেশৰ অখণ্ডতাৰ প্রতি ভাবুকি সৃষ্টি কৰা এনে উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে অসমতো আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ ইয়াৰ পাছতে যোৱা ২৮ জানুৱাৰীত বিহাৰৰ জেহানবাদৰ পৰা দিল্লী আৰক্ষীয়ে শ্বার্জিলক গ্রেপ্তাৰ কৰে৷ যোৱা বৃহস্পতিবাৰে দিল্লীৰ পৰা অসমলৈ অনা হয় ‘কা’বিৰোধী আন্দোলনৰ ছাত্র নেতাজনক৷ আদালতৰ অনুমতি সাপেক্ষে চাৰি দিনৰ আৰক্ষীৰ জিম্মাত লৈ ক্রাইম ব্রাঞ্চৰ কার্যালয়ত পুৱাৰে পৰা নিশাপর্যন্ত মাৰাথন জেৰা চলোৱা হৈছে শ্বার্জিল ইমামক৷ ইফালে আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া, শীর্ষ আৰক্ষী বিষয়াৰ উপৰি যোৱানিশা দুই বজালৈ অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষক মিহিৰজ্যোতি গায়নৰ নেতৃত্বত এটা দলে জে এন ইউৰ ছাত্রজনক জেৰা চলায়৷ ইতিপূর্বে জেৰাকালত শ্বার্জিল ইমামে অসম ভ্রমণ কৰাৰ কথাও স্বীকাৰ কৰিছে৷ শ্বার্জিল ইমামৰ অসম আগমন যে পূর্বপৰিকল্পিত আৰু ৰাজনৈতিক আছিল, সেই কথা আৰক্ষীৰ জেৰাত ক্রমাৎ স্পষ্ট হৈ পৰা বুলি সূত্রটোৱে জানিবলৈ দি এনে কাৰণতে বিশেষ শাখাৰ দলে ছাত্র নেতাজনক জেৰা কৰা বুলি সূত্রটোৱে জনায়৷ উল্লেখ্য যে কাইলৈ শ্বার্জিলৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব আৰু আদালতত হাজিৰ কৰোৱাই পুনৰ আৰক্ষী জিম্মাত বিচাৰি আদালতত আবেদন জনোৱা হ’ব বুলিও সূত্রটোৱে জনিবলৈ দিছে৷

You might also like