নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ প্রথমজন ভাইৰাছত আক্রান্ত লোক সম্পূর্ণ সুস্থ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ দেশৰ ৰাজধানী দিল্লীত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা প্রথমজন লোক সম্পূর্ণ সুস্থ হৈছে৷ ক’ভিড–১৯ত আক্রান্ত ময়ূৰবিহাৰ ফেজ–২ৰ বাসিন্দা ৪৫ বছৰীয়া লোকজনক ৰামমনোহৰ লোহিয়া চিকিৎসালয়ৰ পৰা ভাইৰাছৰ পৰা সুস্থ হোৱা বাবেই ঘৰলৈ উভতি যাবলৈ দিয়া হৈছে৷

যোৱা ২২ ফেব্রুৱাৰীত ইটালীৰ পৰা উভতি অহা ৪৫ বছৰীয়া লোকজন ক’ভিড–১৯ত আক্রান্ত হোৱা প্রথমজন দেশৰ ৰোগী হিচাপে চিনাক্ত হৈছিল৷ আক্রান্ত লোকজনক দিল্লী চৰকাৰে আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰাৰ অন্তত সম্পূর্ণ সুস্থ হৈছে বুলি চৰকাৰৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছে৷

You might also like