দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়; চলি থকা কাৰখানা হিচাপেই নিলাম হ’ব নগাঁও–কাছাৰ কাগজ কল
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ৰ সৌজন্যত পুনৰ এক আশাৰ কিৰণ দেখা পাইছে ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে । স্ক্ৰেপ আকাৰত নহয়, চলি থকা কাৰখানা হিচাপেই হিন্দুস্তান পেপাৰ কর্প’ৰেচন লিমিটেডৰ (এইচ পি চি এল) অধীনস্থ ৰাজ্যৰ কাগজ কল দুটা বিক্রী কৰা হ’ব৷ ন্যায়াধীশ নাজমী ৱাজিৰী নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত কাগজ কল দুটাৰ নিলামৰ দায়িত্বত থকা (লিকিডডেটৰ) কুলদীপ বার্মাই মঙলবাৰে শপতনামাযোগে এই কথা জানিবলৈ দিছে৷ অহা দুই তিনি সপ্তাহৰ ভিতৰত কাগজ কল দুটা কার্যক্ষম কৰি তোলাৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও বার্মাই ন্যায়ালয়ক অৱগত কৰে৷ আন এক তাৎপর্যপূর্ণ বিষয়টো হৈছে কাগজ কল দুটাৰ কর্মচাৰীসকলক আৱাস খালী কৰাৰ বাবে যি নির্দেশনা জাৰি কৰা হৈছিল, তাত পুনৰ স্থগিতাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ে পৰৱতী শুনানি গ্রহণ কৰিব ২৫ মার্চত৷ সেয়েহে ২৫ মার্চলৈকে কর্মচাৰীসকলৰ আৱাসস্থলী খালী কৰাৰ নির্দেশনাত স্থগিতাদেশ জাৰি কৰা হয়৷
মন কৰিবলগীয়া যে লিকিডডেটৰ বার্মাই যোৱা বছৰ জাৰি কৰা এক নির্দেশনাত কাগজ কল দুটাৰ কর্মচাৰীসকলক ৩১ জানুৱাৰীৰ ভিতৰত নিজা নিজা আৱাসস্থল খালী কৰাৰ নির্দেশ দিছিল৷ পিছে অন্তিম মুহূর্তত যোৱা ২৮ জানুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে উক্ত নির্দেশনাত পৰৱর্তী শুনানি গ্রহণ নকৰালৈকে স্থগিতাদেশ জাৰি কৰিছিল৷ সেই মর্মে আজি গ্রহণ কৰা শুনানিত ৱাজিৰীৰ বিচাৰপীঠে পুনৰ পৰৱতী শুনানিলৈকে স্থগিতাদেশ জাৰি কৰে৷
আনহাতে লক্ষণীয়ভাৱে লিকিডডেটৰ বার্মাই পূর্বতে নগাঁও আৰু কাছাৰ কাগজ কল দুটা খণ্ড খণ্ড কৰি স্ক্রেপ নিলামৰ বাবে এক বিজ্ঞপ্তি জাৰি কৰিছিল৷ পিছে যোৱা বছৰ ২৯ মে’ত নেচনেল কোম্পানী ল’ এপেলেট ড্রিবিডনেলে (নেকলেট) জাৰি কৰা নির্দেশনা অনুসৰি কাগজ কল দুটা কার্যক্ষম কৰিহে নিলামৰ নির্দেশ জাৰি কৰিছিল৷ সেয়েহে দেখ দেখকৈ লিকিডডেটৰজনে নেকলেটৰ এই নির্দেশনা ডলংঘা কৰিবলৈ ওলাইছিল৷ পিছে শেষ মুহূর্তত কাগজ কল দুটাৰ কর্মচাৰীসকলে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তথা যথেষ্টখিনি সকাহ লাভ কৰিছিল৷ ইয়াৰ পিছত কাগজ কল দুটা কার্যক্ষম কৰি নিলামযোগে বিক্রী কৰা হ’ব বুলি বার্মাই আজি দাখিল কৰা শপতনামা আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ আনহাতে কর্মচাৰীসকলে যোৱা তিনি বছৰ ধৰি কিয় দৰমহা লাভ কৰা নাই তথা ভৱিষ্যনিধিৰ ধনৰ পৰাও তেওঁলোকক কিয় বঞ্চিত কৰা হৈছে? যোৱা ২৮ জানুৱাৰীৰ শুনানিত ন্যায়ালয়ে এই প্রশ্ন উত্থাপন কৰি কেন্দ্রীয় চৰকাৰ আৰু কেন্দ্রীয় ভৱিষ্যনিধি আয়ুক্তলৈ জাননী জাৰি কৰিছিল যদিও আজিৰ শুনানিত কেন্দ্র আৰু ভৱিষ্যনিধি আয়ুক্তৰ তৰফত ন্যায়ালয়ৰ পৰা অতিৰিক্ত সময় বিচৰা হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত ২৫ মার্চৰ পৰৱত্ শুনানিৰ পূর্বে দুয়ো পক্ষক সংশ্লিষ্ট প্রশ্ণৰ ডত্তৰ প্রদান কৰি শপতনামা দাখিলৰ নির্দেশ দিয়ে ৱাজিৰীৰ বিচাৰপীঠে৷ ডল্লেখ্য যে কর্মচাৰীসকলৰ ভৱিষ্যনিধিৰ প্রায় ২০০ কোটি টকা কেন্দ্রীয় ভৱিষ্যনিধি আয়োগৰ ওচৰত জমা আছে৷ এই শুনানিৰ পিছত গুচৰীয়া কাছাৰ কাগজ কলৰ শ্রমিক নেতা মানৱেন্দ্র চক্রৱত্য়ে কয় যে ৰাজ্যৰ দুয়োটা কাগজ কলৰ কর্মচাৰীসকলক দিল্লী ডচ্চ ন্যায়ালয়ে আজি নিঃসন্দেহে যথেষ্ট সকাহ দিছে তথা আমি এক আশাৰ কিৰণ দেখা পাইছোঁ৷ কাগজ কল দুটাৰ সৈতে প্রত্যক্ষ–পৰোক্ষভাৱ্ দুই লক্ষাধিক লোকৰ জীৱন জডিত হৈ আছে৷ চৰকাৰে নেকলেটৰ নির্দেশনা ডলংঘা কৰিব ওলাইছিল যদিও ন্যায়ালয়ত এতিয়া প্রত্যাহ্বানৰ সন্মুুখীন হৈছে৷ চক্রৱত্ৰ মতে, পৰৱত্ শুনানি আমাৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ৷ আনহাতে নগাঁও কাগজ কলৰ শ্রমিক নেতা আনন্দ বৰদলৈয়েও আজিৰ ন্যায়ালয়ে প্রদান কৰা নির্দেশনাক আদৰণি জনাই কয় যে লিকিডডেটৰ কুলদীপ বার্মাৰ একপক্ষীয় কাম–কাজ আজি ন্যায়ালয়ত মুখথেকেচা খাইছে তথা অনাগত দিনত কাগজ কল দুটা কার্যক্ষম কৰিহে নিলাম কৰিব পাৰিব, সেই কথা নিশ্চিত হৈছে৷ ডল্লেখ্য যে নগাঁও আৰু কাছাৰ কাগজ কলৰ গৰাকী হিচাপে এইচ পি চিৰ কর্প’ৰেট কার্যালয় আৰু নিলামী প্রক্রিয়াৰ সৈতে জডিত থকা নেচনেল কোম্পানী ল ড্রিবিডনেল দিল্লীত থকা হেতু দিল্লী উচ্চ ন্যায়ালয়ে কাগজ কল দুটাৰ শ্রমিক সংস্থাই দাখিল কৰা আবেদনখন গ্রহণ কৰিবলৈ সন্মত হৈছিল৷