দুধনৈত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল
নিয়মীয়া বাৰ্তা, ২০ মে’ :- নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমনি ৰাভাক পৰিকল্পিত ভাবে হত্যা কৰা ঘটনাৰ তদন্তৰ দাবীত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আজি দুধনৈস্থিত ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰতিবাদী সমদল উলিয়াই দুধনৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ যায় আৰু তিনি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। তিনি ৰাভা জাতীয় সংগঠনে জোনমনি ৰাভাৰ ঘটনাক চি বি আইৰ দ্বাৰা তদন্ত হব লাগে বুলি দাবী জনায় । জোনমনি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰা আৰক্ষী বিষয়া সকলক গ্ৰেপ্তাৰ কৰি তদন্তৰ আওঁতালৈ আনিব লাগে । ঘটনাৰ সৈতে জড়িত লোক সকলক ৰিজাৰ্ভ ক্লজ নহয়, গ্ৰেপ্তাৰ কৰি তদন্তৰ আওঁতালৈ আনিব লাগে বুলি ৰাভা নেতৃত্বই দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি শীঘ্ৰে দোষীক উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনায় । জোনমণি ৰাভাৰ পৰিয়ালক এককালীনভাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰিয়ালটিক চৰকাৰী ভাবে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায় । অন্যথা ৰাভা জাতীয় সংগঠনে যিকোনো প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাবে সাজু থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদী সকলে লীনা দলে হায় হায়, নগাওঁ আৰক্ষী মূর্দাবাদ, ৰুণা নেওগক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে মুখৰিত কৰি তোলে। গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভাই এখন স্মাৰক পত্ৰ দুধনৈ ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে।
আনহাতে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আজি পৰিষদৰ সচিবালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে অস্বাভাৱিক তথা সন্দেহজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হোৱা আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। টংকেশ্বৰ ৰাভাই কয় যে জোন মণি ৰাভাৰ মাতৃৰ এজাহাৰত উল্লেখ কৰা কথা সমূহ, মন্তব্য, সেই দুৰ্ঘটনাৰ নিশা হঠাতে জোন মণি ৰাভাৰ চৰকাৰী আবাসত কৰা তালাচী আৰু দূৰভাষৰ সকলো তথ্য মচি পেলোৱা ইত্যাদিয়ে ঘটনাটো অধিক ৰহস্যজনক কৰি তুলিছে বুলি জানিবলৈ দিয়ে। দুৰ্ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটনত যেন কোনো প্ৰভাৱশালী শক্তিয়ে আৰক্ষীক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ তদন্তৰ দায়িত্ব চি আই ডি ৰ পৰিবৰ্তে চি বি আইক প্ৰদান কৰিব লাগে বুলি দাবী কৰাৰ লগতে এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংবাদ মেলত তেওঁ কয় যে মৃতকৰ পোষ্ট মৰ্টেম ৰিপোৰ্টটিও যথেষ্ট বিসংগতিপূৰ্ণ। দুৰ্ঘটনা গ্ৰস্থ গাড়ীখনৰ অৱস্থা, মৃতদেহৰ অবয়ব আৰু পোষ্ট মৰ্টেম ৰিপোৰ্টৰ বিৱৰণীৰ সাদৃশ্য দেখা নাযায়।