দৰং আৰক্ষীয়ে জব্দ কৰিলে কোটি টকাৰ জালনোট; গ্ৰেপ্তাৰ ৬
দেহব্যৱসায় আৰু জালনোটৰ মঙলদৈত যুগলবন্দী
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: দৰঙত মাজনিশা কোটি টকাৰ জালনোট আৰক্ষীয়ে জব্দ কৰাৰ লগতে উৎখাত কৰে এটা দেহব্যৱসায়ীৰ ঘাটি। দেহব্যৱসায়ত লিপ্ত ৩ মহিলাৰে ৬ জনীয়া দলে জালনোটৰ ৰমৰমীয়া ব্যৱসায় চলৌৱাটো স্পষ্ট হৈ পৰে। লক্ষনীয় যে, যোৱানিশা মঙলদৈ থানাৰ এক বৃহৎ দলে মঙলদৈ লেঙেৰীপাৰাত এক বিশেষ অভিযান চলায়। এই অভিযানত মঙলদৈ লেঙেৰীপাৰাত কেইবা কোটি টকাৰ জালনোট সহ টকা বনোৱা যন্ত্ৰ তথা সামগ্ৰী আৰু ৬ জনীয়া দল এটাক কৰায়ত্ব কৰে। আৰক্ষীয়ে ঘৰৰ মালিকৰ লগতে নকল টকা বনোৱা দলটিক গ্ৰেপ্তাৰ কৰে। এই দলটো দেহব্যৱসায়ৰ লগতো জড়িত বুলিও আৰক্ষীয়ে সদৰি কৰিছে।
আৰক্ষীয়ে কৰায়ত্ব কৰা দলটোক ক্ৰমে, খাৰুপেটীয়াৰ আনোৱাৰ হুছেইন, চাদ্দত হুছেইন আৰু খাটনিয়াপাৰাৰ জামান আহমেদ বুলি চিনাক্ত কৰা হৈছে।আনহাতে জালনোটৰ এই দলটোৰ লগত অন্য ৩ গৰাকী মহিলা ক্ৰমে মঙলদৈ খাটনীয়াপাৰা গাৱৰ ৰিজুমা বেগম, গুৱাহাটী লখৰাৰ জৱা দাস আৰু প্ৰিয়া ৰয়কো কৰায়ত্ব কৰে। দৰঙৰ উপ-আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা আৰু মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে সদৰি কৰা মতে, মঙলদৈ লেঙেৰীপাৰাৰ চাদ্দতৰ ঘৰত দীৰ্ঘদিনৰে পৰা গোপনে জাল ৫০০ টকীয়া নোট প্ৰস্তুত কৰা হৈছিল।
আৰক্ষীয়ে এই বিষয়ে গোপনে অনুসন্ধান কৰি আহিছিল আৰু যোৱানিশা মঙলদৈ নগৰীয়া শাখাৰ উপ-পৰিদৰ্শক এন দাসৰ সহযোগত অভিযান চলোৱা হয়। আৰক্ষীয়ে আশ্চৰ্যজনক ভাৱে জালনোট নিৰ্মান কৰা দলৰ বিৰুদ্ধে অভিযান চলাওতেই জালনোট সৰবৰাহ কৰা ৩ জনী বাৰেবনিতাক কৰায়ত্ব কৰিব সক্ষম হয়। আৰক্ষীয়ে জালনোটৰ পৰিমান কেবা কোটি টকা হব বুলি অনুমান কৰিছে আৰু কাইলৈহে টকা হিচাব কৰা যন্ত্ৰ আনি টকাৰ পৰিমান প্ৰকাশ কৰিব।